মৰিগাঁও, 15 ফেব্ৰুৱাৰী: অসম-মেঘালয়ৰ সীমান্তৱৰ্তী মৰিগাঁও জিলাৰ কুঠৰীত বনকৰ্মীৰ গুলীত স্থানীয় ব্যক্তিৰ মৃত্যু (Villager allegedly killed in Forest dept firing)। অঞ্চলজুৰি তীব্ৰ উত্তেজনা । উত্তেজিত ৰাইজে জ্বলালে কুঠৰী বীট অফিচ ।
সোমবাৰে নিশা জাগীৰোড আৰক্ষী চকীৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী কুঠৰী গাঁৱত বনকৰ্মীৰ গুলীত বৰসিং তিছো নামৰ এজন ব্যক্তিৰ মৃত্যু হয় । ব্যক্তিজনৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কুঠৰী গাঁৱত । উত্তেজিত ৰাইজে জ্বলাই দিলে কুঠৰী বীট অফিচ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কুঠৰী গাঁৱৰ নিবাসী বৰসিং তিছো নামৰ ব্যক্তিজনে ঘৰৰ দুৱাৰ খিৰিকী তৈয়াৰ কৰিবৰ বাবে বন বিভাগৰ অনুমতি সাপেক্ষে গছ কাটিছিল । ৪ হাজাৰ টকাৰ বিনিময়ত নিশাৰ ভাগত গছ কাটিবলৈ বন বিভাগৰ কোনো লোকে অনুমতি প্ৰদান কৰিছিল বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
নিশাৰ ভাগত কাঠ ফালিবলৈ লওঁতে অতৰ্কিতে গুলীচালনা কৰে বন বিভাগৰ লোকে । ঘটনাত বৰসিং তিছো নামৰ ব্যক্তিজনৰ মৃত্যু হোৱাৰ লগতে ৰজিত সিংহা নামৰ অন্য এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত ৰজিত সিংহা বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন । বনকৰ্মীৰ গুলীত বৰসিং তিছোৰ মৃত্যু হোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Tension erupted in Morigaon) । স্থানীয় একাংশ উত্তেজিত মহিলাই জ্বলাই দিয়ে কুঠৰী বীট অফিচ ।
পৰৱৰ্তী সময়ত নিশা প্ৰায় ৩ বজাত ঘটলাস্থলীত মৰিগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ লগতে বৰসিং তিছোৰ মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ৪ হাজাৰ টকা লৈ কাঠ ফালিবলৈ অনুমতি দিয়াৰ পিছত গুলীয়াই মানুহ হত্যা কৰাৰ অভিযোগেৰে অদ্যাপি উত্তেজিত হৈ আছে কুঠৰী গাঁওবাসী ।
লগতে পঢ়ক: নগাঁও আৰক্ষীয়ে পুনৰ চলালে গুলী : আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জনালে কাৰণ