ETV Bharat / state

গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন - চি আই ডি

মুকলি সভাত অসমৰ আৰক্ষীৰ চি আই ডি বিভাগৰ ডি আই জি সুৰেন্দ্ৰ কুমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানৱ সৰবৰাহকাৰী আৰু সজাগতা শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷

VDP foundation day observed at Morigaon
গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Feb 3, 2020, 1:16 PM IST

মৰিগাঁও, 3 ফেব্ৰুৱাৰী : মৰিগাঁৱত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অসম গাঁওৰক্ষী বাহিনীৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিবসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ দত্ত বৰুৱাৰ প্ৰতিচ্ছবিত ম্যালাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পাছত এক শোভাযাত্ৰা উলিওৱা হয় । দুপৰীয়া মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন মুকলি সভা ৷ মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ আনহাতে সভাখন পৰিচালনা কৰে জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ মুখ্য সহায়ক পৱন সিংহই ৷ সভাত অসমৰ আৰক্ষীৰ চি আই ডি বিভাগৰ ডি আই জি সুৰেন্দ্ৰ কুমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি 'মানৱ সৰবৰাহকাৰী আৰু সজাগতা' শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷ তেওঁ নবেম্বৰ মাহত মৰিগাঁও জিলাৰ এক মানৱ সৰবৰাহৰ উদাহৰণ দাঙি ধৰাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত বাস্তৱসন্মত ব্যাখ্যা আগবঢ়াই সকলোকে সজাগ হৈ সামাজিক সেৱা আগবঢ়াবলৈ আহ্বান জনায় ।

গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডি আই জি সুৰেন্দ্ৰ কুমাৰে মুকলি সভাত ৰাজ্যৰ গাঁওৰক্ষী বাহিনীৰ আদৰ্শৰে দেশৰ আন আন প্ৰান্তৰৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে গাঁওৰক্ষী বাহিনীৰ গঠন কৰাৰ বাবে আগ্ৰহী বুলি মন্তব্য কৰি গাঁওৰক্ষীৰ সকলো কৰ্মকৰ্তাক দেশৰ বাবে আদৰ্শ হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ ডান্স অকেষ্টাৰত নৃত্য কৰিবলৈ নিয়া মৰিগাঁৱৰ 15 গৰাকী কিশোৰ কিশোৰীক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ বিষয়ে সভাত উল্লেখ কৰে । সভাত অসম গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা পাৰ্থ প্ৰতিম দাস, মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম, মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনী সভাপতি মণিমালা শইকীয়া, উপ আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱা, উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ, চি বি ডি অ' অম্বুৰাম বৰা, দিগন্ত কলিতাৰ লগতে প্ৰায় পাঁচ শতাধিক গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰতিবাদৰ মাজতে পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ

Intro:মৰিগাঁৱত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত অসম গাঁওৰক্ষী বাহিনীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিবস । প্ৰতিষ্ঠা দিবস উপলক্ষে মৰিগাঁও গান্ধী ভবন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি চি আই ডিৰ ডি আই জি সুৰেন্দ্ৰ কুমাৰে মানব সৰবৰাহ আৰু সজাগতা শীৰ্ষক আলোচনা আগবঢ়ায় ।Body:মৰিগাঁৱত অসম গাঁওৰক্ষী বাহিনীৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিবস । মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিবসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ দত্ত বৰুৱাৰ প্ৰতিছবিত ম্যালাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি চহৰখনত বাহিৰ কৰা হয় এক শোভাযাত্ৰা । দুপৰীয়া ভাগত মৰিগাঁও গান্ধী ভবন প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসমৰ আৰক্ষীৰ চি আই ডি ভাগৰ ডি আই জি সুৰেন্দ্ৰ কুমাৰে। মুকলি সভাতে মানব সৰবৰাহকাৰ আৰু সজাগতা শীৰ্ষক আলোচনা চক্ৰত মুখ্য অতিথি ৰূপে অংশ লৈ ডি আই জি সুৰেন্দ্ৰ কুমাৰে বিগত নবেম্বৰ মাহত মৰিগাঁও জিলাৰ এক মানবসৰবৰাহৰ উদাহৰণ দাঙি ধৰাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত এক বাস্তৱসন্মত ব্যাখ্যা আগবঢ়াই সকলোকে সজাগ হৈ সামাজিক সেৱা আগবঢ়াবলৈ আহবান জনাই । উল্লেখ্য যে ৰাজ্যৰ গাঁওৰক্ষী বাহিনীৰ আদৰ্শৰে দেশৰ আন আন প্ৰান্তৰৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে গাঁওৰক্ষী বাহিনীৰ গঠন কৰাৰ বাবে আগ্ৰহী বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি সচাঁৰ্থত দেশৰ বাবে আদৰ্শ হৈ থাকিবলৈ গাঁওৰক্ষীৰ সকলো কৰ্মকৰ্ত্তাক আহবান জনাই ।আনহাতে বিহাৰৰ পুৱ চম্পাৰণ জিলাৰ ডান্স অকেষ্টাৰত নৃত্য কৰিবলৈ নিয়া মৰিগাঁৱৰ ১৫ জন কিশোৰ কিশোৰীক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই।
মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা মুকলি সভাত ক্ৰমে অসম গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা পাৰ্থ প্ৰতিম দাস, মিকিৰভেটা ৰাজহচক্ৰৰ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম, মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনী সভাপতি মণিমালা শইকীয়া, উপ আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱা, উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ, চি বিডিঅ অম্ভুৰাম বৰা,দিগন্ত কলিতাকে ধৰি পাঁচ শতাধিক গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্ত্তা উপস্থিত থকা মুকলি সভাখন আঁতধৰে জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ মুখ্যসহায়ক পবন সিংহই।shot...Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.