ETV Bharat / state

Fake Gold Boat Seized: নকল সোণৰ নাওসহ 6 টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Morigaon Police

মৰিগাঁও জিলাৰ প্ৰান্তে প্ৰান্তে নকল সোণৰ বেহা ৷ বিগত তিনিদিনৰ অভিযানত মৰিগাঁও আৰক্ষীয়ে 9 খন সোণৰ নাওসহ 6 টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (smugglers arrested along with Fake gold) ৷

two smugglers arrested along with Fake gold seized with Morigaon
নকল সোণৰ নাওসহ 6 টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ
author img

By

Published : Mar 24, 2023, 10:50 PM IST

মৰিগাঁও, 24 মাৰ্চ: ৰাজ্যজুৰি চোৰাংভাৱে সৰবৰাহ কৰা সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ সময়তে ক্ৰমাৎ বৃদ্ধি হৈছে নকল সোণৰ সৰবৰাহৰ ঘটনা (Operation Against fake gold) ৷ এইবাৰ মৰিগাঁও জিলাৰ ধৰমতুলত নেলী আৰক্ষীয়ে নকল সোণৰ নাও সহ, এখন পালচাৰ বাইক, তিনিটা মোবাইল আৰু দুজন লোকক আটক কৰা হৈছে (smugglers arrested) ৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মতে বুধবাৰে নিশা নেলী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ধৰমতুলত এক অভিযান চলায় ৷ এই অভিযানত নেলী আৰক্ষীয়ে AS02AE8250 নম্বৰৰ পালচাৰ মটৰ চাইকেল এখন জব্দ কৰাৰ লগতে তিনিটা মোবাইল ফোন জব্দ কৰে (Mobile phones seized)। আটকাধীন দুই সৰবৰাহকাৰী দুটা উত্তৰ লখিমপুৰ আবু কালাম আৰু মঃ আলাউদ্দিন বুলি জানিব পৰা গৈছে (smugglers arrested along with Fake gold)৷

ইফালে বুধবাৰে জাগীৰোড আৰক্ষীৰ অভিযানত ৬ খন নকল সোণৰ নাও জব্দ । বুধবাৰে নিশা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৬ টা মোবাইলসহ চাৰিটা নকল সোণ সৰবৰাহকাৰী আটক কৰে ৷ আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া মতে আটকাধীন সৰবৰাহকাৰীকেইটা লখিমপুৰৰ নাওবৈচাৰ আবু তাহেৰ, ফাইজুল ইছলাম, কামৰূপ গ্ৰাম্যৰ ক্ষেত্ৰী কাহিকুছিৰ ৰিংকুমণি আলী আৰু মৰিগাঁও জিলাৰ ধৰমতুলৰ জাহিদুল ইছলাম।

উল্লেখযোগ্য যে নকল সোণৰ সৰবৰাহকাৰী চক্ৰটোৱে দীৰ্ঘদিন ধৰি মৰিগাঁও জিলা ধৰমতুলত, নেলী, জাগীৰোড আৰক্ষী থানাৰ এলেকাত আশ্ৰয় লৈ অব্যাহত ৰাখিছে নকল সোণৰ কলা বেহা। এই চক্ৰটোৱে বিভিন্নজনক প্ৰবঞ্চনা কৰিা বুলি খবৰ পোহৰলৈ আহিছে ৷

উল্লেখ্য যে সোমবাৰৰ পৰা মৰিগাঁও আৰক্ষীয়ে(Morigaon Police) অঞ্চলকেইটাক ধাৰাবাহিক অভিযান চলাই আহিছে ৷ প্ৰথম দিনৰ অভিযানত নকল সোণৰ সৰবৰাহকাৰীৰ পৰা ছয়টাকৈ মবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা মতে মৰিগাঁও জিলাৰ উচচ পদস্থ আৰক্ষী বিষয়াই সৰবৰাহকাৰী কেইটাক আৰক্ষী জিম্মাত ৰাখি চলাইছে মাৰাথন জেৰা চলোৱাৰ পিছতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: Protests demanding eviction: উচ্ছেদ অভিযান চলোৱাৰ দাবীৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.