ETV Bharat / state

চেৰাণৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

মঙলবাৰৰ সন্ধিয়া মৰিগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান মৰিগাঁও বিহুতলীত চেৰাণৰ উদ্যোগত বন্তি প্ৰজ্বলনৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনাই চুমিলা ৰংহাংপীক ।

author img

By

Published : Apr 28, 2021, 11:16 AM IST

মৰিগাঁৱত চুমিলা ৰংহাংপীক গভীৰ শ্ৰদ্ধাঞ্জলী

মৰিগাঁও,28 এপ্ৰিল: নগাঁৱৰ ৰহাত সংঘটিত হোৱা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ এই ঘটনা সংঘটিত কৰা দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ লগতে বিভিন্ন স্থানত চুমিলা ৰংহাংপীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ মঙলবাৰৰ সন্ধিয়া মৰিগাঁও বিহুতলীত অন্যতম সাংস্কৃতিক অনুষ্ঠান চেৰাণৰ উদ্যোগত চুমিলা ৰংহাংপীক গভীৰ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে ।

মৰিগাঁৱত চুমিলা ৰংহাংপীক গভীৰ শ্ৰদ্ধাঞ্জলি

আনহাতে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই উদ্যোক্তাসকলে আদালতক ঘটনা সন্দৰ্ভত জড়িত প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালৰ লোকক শীঘ্ৰেই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি চুমিলাৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে । ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.