মৰিগাঁও, 4 জুনঃ মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত 1400 বিদ্যালয়ৰ মূৰব্বীলৈ গছ পুলি বিতৰণ । 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱৰ বিভিন্ন ঠাইত আগতীয়াকৈ গ্ৰহণ কৰা হৈছে গছ পুলি বিতৰণ কাৰ্যসূচী ।
উল্লেখযোগ্য যে, এই বেলি "জৈৱ বৈচিত্ৰ ৰক্ষা" শীৰ্ষক বিষয়ৰ লগত সংগতি ৰাখিয়ে মৰিগাঁও জিলাৰ সমূহ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত গছ পুলিৰ উপৰিও বিভাগৰ ফালৰ পৰা বৃক্ষ প্ৰতিপালৰ বাবে দিয়া হৈছে ধন । আনহাতে এই সমূহ জিলা শিক্ষা বিষয়া ডঃ কমল গগৈয়ে পৰৱৰ্তী সময়ত তদন্ত কৰিব বুলিও জানিবলৈ পৰা গৈছে ।
ইপিনে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান মৰ্মে তথা "মোৰ চৰকাৰৰ" উদ্যোগত মৰিগাঁও বিহুতলীত বিভিন্ন লোকৰ মাজত বৃহস্পতিবাৰে বিতৰণ কৰা হয় গছ পুলি । বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংহতি ৰাখিয়ে বিতৰণ কৰা হয় গছ পুলি সমূহ । এই কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিৰ উপৰিও মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈৰ প্ৰমুখ্যে বহুকেইজন নেতাকৰ্মীয়ে অংশ গ্ৰহণ কৰে ।
লগতে চাওকঃ মহাৰাষ্ট্ৰত কোভিড-১৯ত আক্ৰান্ত হৈ ৩০ জন আৰক্ষী কৰ্মীৰ মৃত্যু