ETV Bharat / state

দীঘলীয়া প্ৰতিবাদ হাতত ল'ব তিৱা ছাত্ৰ সন্থাই

author img

By

Published : Oct 31, 2020, 9:16 PM IST

দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ তিৱা ছাত্ৰ সন্থাৰ ৷ তিৱা স্বায়ত্ব পৰিষদৰ এলেকাক বাদ ৰাজধানী সম্প্ৰসাৰণ কৰাৰ দাবীৰে প্ৰতিবাদত বহাৰ হুংকাৰ তিৱা ছাত্ৰ সন্থাৰ ৷

দীঘলীয়া প্ৰতিবাদ হাতত ল'ব তিৱা ছাত্ৰ সন্থাই
দীঘলীয়া প্ৰতিবাদ হাতত ল'ব তিৱা ছাত্ৰ সন্থাই

মৰিগাঁও, 31 অক্টোবৰ : তিৱা স্বায়ত্ব পৰিষদৰ এলেকাক বাদ ৰাজধানী সম্প্ৰসাৰণ কৰাৰ দাবীৰে দীঘলীয়া প্ৰতিবাদত বহাৰ হুংকাৰ তিৱা ছাত্ৰ সন্থাৰ ৷ মৰিগাঁৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে এই হুংকাৰ প্ৰদান কৰে ৷ শনিবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চেনীৰাম মালাঙে ৰাজধানী সম্প্ৰসাৰণ আইন ২০১৭ ৰ জৰিয়তে জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণ কৰাৰ বিৰুদ্ধে যুক্তি দি মায়ং ৰাজহ চক্ৰৰ জাগীৰোড উন্নয়ন প্ৰাধিকৰণক বাদ দিবৰ বাবে দাবী উত্থাপন কৰে ৷

উক্ত দাবীৰ উপৰিও তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত অজনজাতি গাঁও বাতিল আৰু জনজাতীয় গাঁও অন্তৰ্ভুক্তিৰ দাবীত সংগঠনটোৱে দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰিছে ৷ সংগঠনটোৱে ২ নবেম্বৰত মৰিগাঁও বিহুতলীত গণ ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ উপৰিও ৪ নবেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ১০ নবেম্বৰত ২৪ ঘন্টীয়া মধ্য অসম বন্ধৰ ঘোষণা কৰিছে ৷

লগতে পঢ়ক: পুনৰ ক'ৰণাৰ গ্ৰাসত চিৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.