ETV Bharat / state

শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তিৱা সংগঠনে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ তিৱা স্বায়ত্বশাসিত পৰিষদৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ছয়টাকৈ তিৱা সংগঠনে ৷

author img

By

Published : May 16, 2019, 5:33 PM IST

শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

মৰিগাঁও, 16 মেঃ দুৰ্নীতিৰ মহানায়ক শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিধায়ক তথা তিৱা স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছয়টাকৈ তিৱা সংগঠনে ৷ ইতিমধ্যে দুটাকৈ গোচৰত সাঙোৰ খাই পৰা বৰ্তমানৰ বিজেপি বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনৰ নেতৃত্বই ৷

শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

তিৱা জাতিৰ পিতৃস্বৰূপ বীৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত প্ৰায় 66 লাখ,জোনবিল উন্নয়নৰ নামত এক কোটি,তিৱা পৰিষদৰ অন্তৰ্গত তথা মৰিগাঁও বিধানসভা সমষ্টিৰ চাবুকধৰা চাৰিপুনীয়াৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ নামত চাৰি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰমাকান্তৰ বিৰুদ্ধে ৷ বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ছটাকৈ তিৱা সংগঠনৰ তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে মৰিগাঁও উপায়ুক্তৰ সহায়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে মৰিগাঁও থানাত ৪৫১/১৯ নম্বৰত গোচৰ ৰুজু হৈ আছে ৷ আনহাতে তেওঁৰ কাৰ্যকালৰ সময়ত পৰিষদৰ ধনেৰে গুৱাহাটীত নিৰ্মাণ কৰা তিৱা অতিথি গৃহটো বলপূৰ্বকভাৱে দখল কৰি নিজাকৈ ব্যৱহাৰ কৰি আহিছে ৷ তিৱা পৰিষদৰ লগতে বহুটো দুৰ্নীতিৰ গোচৰত নাম সাঙোৰ খাই পৰা ৰমাকান্ত ডেউৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ দাবী উত্থাপন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা সাংস্কৃতিক সমাজ আৰু স্বায়ত্ব শাসন দাবী সংগ্ৰামী মঞ্চই ৷

slug-as-mrg-16thmay-Mega protested against Ramakanta-808-vis-byte-as10005-

Anchorintro:শাসকীয় বিধায়ক
ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল মৰিগাঁৱৰ আকাশ বতাহ । ছয় তিৱা সংগঠনৰ তিনিসহস্ৰাধিক প্ৰতিবাদীৰ বিক্ষোভ ৷ শাসকীয় বিধায়ক গৰাকীৰ বিৰুদ্ধে কিয় এই  প্ৰতিবাদ এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন। 

VO  : তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ  কোটি টকীয়া কেলেংকাৰী ।কেলেংকাৰীৰ  মহানায়ক বিধায়ক ৰমাকান্ত দেউৰী । সেয়ে ৰাইজৰ ধন হৰলুকী কাৰী ৰমাকান্তক গ্ৰেপ্তাৰৰ দাবীত  ছয়টাকৈ তিৱা জাতীয় সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ ।৷
V.O 2. : দুৰ্নীতিৰ অভিযোগত তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ তদানীন্তন মুখ্যকাৰ্যবাহী সদস্য তথা বত্তৰ্মানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী। বিধায়ক পদ খাৰিজ কৰি গ্ৰেপ্তাৰৰো দাবী। বৃহস্পতিবাৰে  ছয়টাকৈ তিৱা জাতীয় সংগঠনে এই দাবী ডেৰঘন্টা ধৰি তিনিসহস্ৰাধিক প্ৰতিবাদকাৰীৰ  মৰিগাঁৱৰ  ৰাজপথত তীব্ৰ প্ৰতিবাদী মিছিল । উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা  ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত দেউৰীৰ বিৰুদ্ধে তিৱা জাতিৰ পিতৃ স্বৰূপ বীৰ জোঙাল বলহুৰ প্ৰতিমুৰ্তি নিৰ্মাণৰ নামত ৬৬ লাখ, জোনবিল উন্নয়নৰ নামত এক কোটি, পৰিষদৰ নিজা সমষ্টি চাবুকধৰা চাৰিপুনীয়াৰ বিভিন্ন উন্নয়নমুলক আচঁনিৰ নামত চাৰি কোটি টকা কোনো কাম নকৰাকৈ আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ আনিছে ৷ তাৰোপৰি ছয় তিৱা জাতীয় সংগঠনৰ নেতৃত্বতই আনএক গুৰুতৰ অভিযোগ আনিছেযে  বিধায়ক দেউৰীয়ে তেওঁৰ কাৰ্যকালত পৰিষদৰ ধনেৰে গুৱাহাটীত ক্ৰয় কৰা পৰিষদৰ গেষ্ট হাউচটো আজি পৰ্যন্ত নিজাকৈ ব্যৱহাৰ কৰি আছে ৷ এই সন্দৰ্ভত মৰিগাঁও থানাত ৪৫১/১৯ নং গোচৰো ৰুজু কৰা হৈছে ৷ তিৱা পৰিষদত এনে বহু দুনীৰ্তিৰ সৈতে জড়িত থকাৰ অভিযোগ তুলি দুৰ্নীতিৰ ক্ষেত্ৰত শুন্য সহনশীলতাৰ কথাকোৱা মুখ্যমন্ত্ৰীক শীঘ্ৰেই ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰৰ দাবী তোলাৰ লগতে দেউৰীৰ কাৰ্যকাল ২০০৭ পৰা ১৬ লৈ সংঘটিত কৰা সকলো দুৰ্নীতিৰ তদন্তৰো দাবী কৰিলে ৷
Byte : তিৱা কেন্দ্ৰীয়  নেতা ৷(3)
     উল্লেখযোগ্য যে বিগত ২০১৭ চনত বিভাজিত দুই তিৱা সংগঠন একীভূত হোৱাৰ পাছত শেহতীয়াকৈ আন এটা তিৱা ছাত্ৰ সন্হাৰ গঠনৰ সন্দৰ্ভত কয় যে মূল সুঁতি লৈ ঘূৰি আহক।
        এইক্ষেত্ৰত দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীল মুখ্যমন্ত্ৰী সোণোৱালে কি উত্তৰ দিব সেয়া লক্ষনীয়।
Shot :

Ratuldeka etv Bharat morigaon.

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.