মৰিগাঁও, 22 অক্টোবৰ : মৰিগাঁৱত বাল্য বিবাহ সম্পন্ন কৰি ৰঙাঘৰৰ আলহী হ'ল দুই বিয়ৈসহ জোঁৱাই । ঘটনাৰ বিৱৰণী অনুসৰি, 2010 চনৰ 1 ডিচেম্বৰতে লাহৰীঘাট থানাৰ অন্তৰ্গত সাপকাটি গাঁৱত বাল্য বিবাহ সম্পন্ন কৰিছিল ইমান আলী (দৰা),আব্দুল জহুৰ (দৰাৰ পিতৃ) আৰু আব্দুল হুছেইনে (কন্যাৰ পিতৃ) ৷ ইয়াৰ পাচতে লাহৰীঘাট থানাৰ আৰক্ষীয়ে নিজাববীয়াকৈ 374/19 নম্বৰত গোচৰ পঞ্জীয়ন কৰিছিল ৷
সম্পূৰ্ণ দহ মাহৰ পাচত বাল্য বিবাহ প্ৰতিৰোধ আইন প্ৰযোজ্য হোৱাত 22 অক্টোবৰত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় দৰা সহ পৰিয়ালৰ দুই অভিভাৱকক ৷