ETV Bharat / state

Pathetic incident in Morigaon: অসবৰ্ণ বিবাহৰ বাবে নশ্বৰদেহ ঘৰলৈ আনাত বাধা

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 8:46 PM IST

মৰিগাঁও গেৰুৱা তাপতলাত অসবৰ্ণ বিবাহ কৰা পুত্ৰৰ নশ্বৰদেহ চোতাললৈ অনাত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাইজে সৃষ্টি কৰে উত্তেজনাময় পৰিস্থিতিৰ ।

Tense situation in Morigaon
মৰিগাঁও গেৰুৱা তাপতলাত অমানবীয় ঘটনা
মৰিগাঁও গেৰুৱা তাপতলাত অমানবীয় ঘটনা

মৰিগাঁও, ২৫ অক্টোবৰ : মৰিগাঁও গেৰুৱা তাপতলাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । অসবৰ্ণ বিবাহ কৰা বাবে মৃতদেহ প্ৰবেশ কৰিব নিদিয়ে পিতৃগৃহত । মৰিগাঁও গেৰুৱা তাপতলাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো । ঘটনাৰ বিৱৰণি অনুসৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তাপতলাৰ অমল বৰঠাকুৰ নামৰ লোকজনে অন্য় সম্প্ৰদায়ৰ ছোৱালীক বিবাহ কৰা বাবে আজিৰে পৰা ২০ বছৰ পূৰ্বে ঘৰৰ পৰা উলিয়াই দিছিল পিতৃয়ে । নৱমীৰ নিশা এক পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় অমল বৰঠাকুৰৰ । বুধবাৰে বিয়লি ভাগত অমল বৰঠাকুৰৰ মৃতদেহটো পিতৃগৃহত প্ৰৱেশ কৰিব নিদিয়ে তেওঁৰ পৰিয়ালে ।

অমল বৰঠাকুৰৰ পৰিয়ালৰ এই অমানৱীয় কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ ৰাইজে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব খোজোতেই ঘৰত থকা অমল বৰঠাকুৰৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে কটু ভাষাৰে গালি গালাজ কৰে । এক কথাত ক'বলৈ গ'লে দুয়োপক্ষৰ আকোৰগোজ তথা অসবৰ্ণ বিবাহ কৰাৰ অপৰাধত পুত্ৰ অমল বৰঠাকুৰ নশ্বৰ দেহ বাটতে ৰাখি থোৱা কাৰ্যক লৈ স্থানীয় ৰাইজ আৰু অমল বৰঠাকুৰৰ পিতৃ পৰিয়ালৰ মাজত বহুসময় ধৰি সংঘাত অব্যাহত থাকে ।

স্থানীয় ৰাইজে জেওৰা, জপনা আৰু গেটৰ তলা ভাঙি মৃতদেহ প্ৰবেশ কৰোৱাই পিতৃগৃহত । কিন্তু অমল বৰঠাকুৰৰ পিতৃ পৰিয়ালে মৃতদেহটো মাটিৰ ওপৰতে পেলাই থৈ দৰ্জা বন্ধ কৰি সোমাই থাকে ঘৰৰ ভিতৰত । ইয়াৰ পিচতে গাঁৱৰ ৰাইজ উগ্ৰমূৰ্তি ধাৰণ কৰে । তৰ্ক-বিৰ্তকত লিপ্ত হয় দুয়ো পক্ষ । অৱশ্যে আৰক্ষীৰ উপস্থিত হৈ দুয়োপক্ষক বুজনি দিয়াত শান্ত হয় পৰিস্থিতি । পিচত পৰিয়ালৰ লোকসকলে মান্তি হৈ অমল বৰঠাকুৰৰ অন্ত্য়োষ্টিক্ৰিয়া সম্পন্ন কৰে ।

লগতে পঢ়ক :Debabrata Saikia: তেখেতে ধৰ্মীয় কাম-কাজতেই মন দিয়া উচিত- আজমললৈ পৰামৰ্শ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.