মৰিগাঁৱ, ১৮ এপ্ৰিলঃ মৰিগাঁৱৰ ভূৰাগাঁও বালিডোঙা ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । ভোটদানৰ বাবে শাৰীপতাক লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট।
মৰিগাঁৱৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডোঙা মধ্য ইংৰাজী বিদ্যালয় ৮০নং ভোটদান কেন্দ্ৰত শাৰী পতাক লৈ কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট । ভোটদান বাবে শাৰী পাতি থিয় হোৱাক লৈ প্ৰথমে কথাৰ কটা-কটি তাৰ পিছত মাৰা-পিট আৰম্ভ হয় দুয়োদলৰ ভোটাৰৰ মাজত । নিৰাপত্তাৰক্ষীৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।