মৰিগাঁও,১৮ মাৰ্চ: মৰিগাঁৱত অব্যাহত আছে বিজেপিৰ নিৰ্বাচনী সভা । ব্যস্ত হৈ পৰিছে সকলো নেতা-কৰ্মী । ৮০নং মৰিগাঁও সমষ্টিতো প্ৰচাৰ অভিযান তুংগত উঠিছে । ইফালে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে মৰিগাওঁ সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে কলমৌবাৰি, খান্দাপুখুৰি, দন্দুৱা আদিত প্ৰচাৰ অভিযান চলায় ।
বিজেপি মৰিগাঁও সমষ্টিৰ প্ৰভাৰীক লগত লৈ দন্দুৱা মণ্ডলৰ সভানেত্ৰী মিনু পাটৰ দেৱী আৰু বিস্তাৰক সমন্বিতে সমষ্টিটোৰ দন্দুৱা মণ্ডলত কেইবাঠাইটো নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰচাৰ অভিযানৰ সময়ত মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে মৰিগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ জয় নিশ্চিত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইতিমধ্যে ৰমাকান্ত দেউৰীৰ বিজয় নিশ্চিত বুলি স্পষ্ট কৰি দিয়ে মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰে ।
লগতে পঢ়ক: কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ