ETV Bharat / state

Vigilance Raid: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁৱৰ আৱকাৰী অধীক্ষক - CM vigilance arrested Morigaon excise superintendent

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি ঘোষণা কৰাৰ পাছতো একাংশ বিষয়াই যেন কেৰেপেই কৰা নাই(Assam government zero tolerance in corruption) । কাৰ্যালয়ে কাৰ্যালয়ে চলিয়ে আছে উৎকোচ লোৱা ঘটনা । এইবাৰ সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা ধন লৈ ৰঙাঘৰৰ আলহী হ'ল মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈ(CM vigilance arrested Morigaon excise superintendent) ।

superintendent of morigaon excise department arrested
Vigilance Raid: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক
author img

By

Published : Jul 29, 2022, 4:24 PM IST

মৰিগাঁও,২৯ জুলাই: দূৰ্নীতিৰ বেলিকা শূণ্য সহনশীল নীতি ঘোষণা কৰা অসম চৰকাৰ শেহতীয়াকৈ দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে(Assam government zero tolerance in corruption) । বিগত সময়ৰ দৰে শুকুৰবাৰৰ দিনাও মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই বিশেষ তৎপৰতাৰে ৰাজ্যৰ কেইবাটাও স্থানত চলালে অভিযান ।

Vigilance Raid: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক

অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলাতো একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলায় । সেই অভিযানকালত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈক(CM vigilance arrested Morigaon excise superintendent) । সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী দুৰ্নীতিৰ নিবাৰক শাখাই ।

লগে লগে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বৰষা বৰা বৰদলৈক । জানিব পৰা মতে, জাগীৰোডৰ চিন্ময় তামুলী নামৰ এজন ব্যৱসায়ীৰ পৰা প্ৰথমে ১ লাখ টকা উৎকোচ বিচাৰি আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকা লওঁতেই পূৰ্বৰ পৰিকল্পনাৰ মতে খাপ পিতি থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখাৰ বিষয়াই হাতে লোটে ধৰা পেলাই আবকাৰী অধীক্ষকগৰাকীক । লগে লগে উপযুক্ত প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে বৰষা বৰা বৰদলৈক ।

উল্লেখ্য যে আজিৰ দিনটোতে ডিব্ৰুগড় জিলাতো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযান । অভিযান কালত খোৱাঙত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে খণ্ড প্ৰাথমিক বিষয়া । দুৰ্নীতি নিবাৰক শাখা আৰু তদাৰকী শাখা(Vigilance and Anti Corruption)ৰ এটা দলে শুকুৰবাৰে খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই নৱজ্যোতি শৰ্মা নামৰ বিষয়াজনক ।

লগে লগে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে খোৱাং খণ্ড প্ৰাথমিক বিষয়া নৱজ্যোতি শৰ্মাক । জানিব পৰা মতে বিষয়াগৰাকী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ডিলিং এছিষ্টেণ্ট হিচাপে কৰ্মৰত । অধিক তথ্যৰ বাবে বিষয়াগৰাকীক বহু সময়লৈ কাৰ্যালয়ৰ ভিতৰতে জেৰা অব্যাহত ৰাখে বুলি এক তথ্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক: Student commits suicide: মুকালমুৱাত দশম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহনন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.