মৰিগাঁও, 25 জানুৱাৰী : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে গান্ধীভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় স্বয়ম আঁচনি কাৰ্যকৰীৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ সভা । সভাত উপস্থিত থাকে জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু নগৰ উন্নয়ন দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷
উক্ত সভাত মন্ত্ৰী গৰাকীয়ে জাগীভকত গাঁৱৰ দলঙখনৰ বাবে অহা মাহৰ ভিতৰত পুনৰ নতুন অৰ্ডাৰ ওলাব বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে, দলঙখনৰ বাবে অসম চৰকাৰে বহু কোটি টকা ধাৰ্য কৰিছিল কিন্তু চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোক মহামান্য় আদালতে কঞ্জাংচন দি থোৱাৰ বাবে কাম কৰিব পৰা নাই বুলিও উল্লেখ কৰে ৷ আনহাতে, শীঘ্ৰে জাগীৰোড-মৰিগাঁও ৰাজ্যিক পথছোৱাৰ নিৰ্মাণৰ কাম অহা মাহত সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় শিশু বঁটাপ্ৰাপকসকলৰ সৈতে মতবিনিময় মোডীৰ