ETV Bharat / state

United Peoples Front : মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্মিলিত গণ মঞ্চৰ বিশেষ অভিৱৰ্তন - মৰিগাঁও জিলা

শুকুৰবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলিত গণ মঞ্চৰ এক বিশেষ অভিৱৰ্তন ৷ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

Special Conference of United Peoples Front
সন্মিলিত গণ মঞ্চ
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 9:02 PM IST

সন্মিলিত গণ মঞ্চৰ বিশেষ অভিৱৰ্তন

মৰিগাঁও, 15 ছেপ্টেম্বৰ : আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কঁকালত টঙালি বান্ধিছে জনজাতীয় ৰাজনৈতিক সন্মিলিত গণ মঞ্চই ৷ শুকুৰবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলিত গণ মঞ্চৰ এক বিশেষ অভিৱৰ্তন ৷ একাংশ তিৱা জাতীয় সংগঠনৰ নেতৃত্বৰ হাতত ধৰি ৰাজনৈতিক এজেণ্ডা প্ৰস্তুত ৷ শাসকীয় বিজেপিৰ দলৰ বিধায়ক ৰমাকান্ত দেউৰীক মঞ্চলৈ আদৰণি সংগঠনটোৰ ৷

মৰিগাঁও জিলা পুথিভঁৰালত শুকুৰবাৰে সন্মিলিত গণ মঞ্চ তথা চমুকৈ ইউ পি এফৰ বিশেষ অভিবৰ্ত্তন অনুষ্ঠিত হয় ৷ মধ্য অসমৰ ৰাজনীতিত এক শক্তিশালী ভূমিকা পালন কৰিবলৈ শুকুৰবাৰে মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হয় সন্মিলিত গণ মঞ্চৰ বিশেষ অভিৱৰ্তন ৷ মৰিগাওঁ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা গণ অভিৱৰ্তনত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা গণ অভিৱৰ্তনৰ দিনটোৰ পৰাই United Peoples Front চমুকৈ ইউ পি এফ এ মধ্য অসমৰ ৰাজনীতিত শক্তিশালী ৰূপত কঁকালত টঙালি বান্ধিলে উল্লেখ কৰে ৷ উল্লেখ্য যে আগন্তুক লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সন্মিলিত গণ মঞ্চ ৷ সমান্তৰালকৈ সাংবাদিকৰে হোৱা এক সাক্ষাতকাৰত ইউ পি এফৰ সভাপতি ৰিমল আমচিয়ে মন্তব্য কৰি কয় যে মূলতঃ মধ্য অসমৰ সকলো অঞ্চলক প্ৰতিনিধিত্ব কৰিব পৰা সম্পূৰ্ণ ৰাজনৈতিক দৃষ্টিভংগীৰে শুকুৰবাৰে এই অভিৱৰ্তন অনুষ্ঠিত হৈছে ৷ কাৰ্যত অস্তিত্বৰ সংকটত পৰা মধ্য অসমৰ তিৱা সকল যাতে ৰাজনৈতিক ভাৱে সুৰক্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিৱৰ্তনৰ জৰিয়তে এখন 31 জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় ৷

আগন্তুক দিনত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰি একালত তিৱা জাতীয় ঐক্য মঞ্চক প্ৰতিনিধিত্ব কৰি বিজেপিলৈ ঢাপলি মেলা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাবে সন্মিলিত গণ মঞ্চৰ দুৱাৰ সদায় খোলা থাকিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতি ৰিমল আমচিয়ে ৷

লগতে পঢ়ক : Assam Assembly: সামৰণি পৰিল অসম বিধানসভাৰ ৫ দিনীয়া শৰৎকালীন অধিৱেশন; কেইবাখনো বিধেয়ক গৃহীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.