ETV Bharat / state

মৰিগাঁৱত ৰাষ্ট্ৰীয় পথ সুৰক্ষা কাৰ্যসূচীৰ আয়োজন - যানবাহন আইন

বুধবাৰে মৰিগাঁৱত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজন কৰা হয় ৰাইজৰ মাজত সজাগতা সৃষ্টি অনুষ্ঠান ৷ বাটৰ নাট, সজাগতা সভা আৰু শোভাযাত্ৰাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষাৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা প্ৰশাসনে ৷

road safety rally at morigaon
ৰাষ্ট্ৰীয় পথ সুৰক্ষা কাৰ্যসূচী
author img

By

Published : Jan 20, 2021, 5:55 PM IST

মৰিগাঁও,20 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ২৩ তম্ ৰাষ্ট্ৰীয় পথ সুৰক্ষাৰ ভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হয় । বুধবাৰে মৰিগাঁৱত বাটৰ নাট, সজাগতা সভা আৰু শোভাযাত্ৰাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষাৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

road safety rally at morigaon
ৰাষ্ট্ৰীয় পথ সুৰক্ষা কাৰ্যসূচী

ইয়াৰ অংশৰূপে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সজাগতা সভা । উক্ত সভাত উপস্থিত থাকে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ললিত পাচনী, জিলা পৰিবহণ বিষয়া বাপন কলিতা প্ৰমুখ্য়ে কৰি বহু আগশাৰী ব্যক্তি ৷ ইয়াৰোপৰি, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি উপস্থিত থাকি সকলোকে যানবাহন আইন মানি চলিবলৈ আহ্বান জনায় ৷

road safety rally at morigaon
ৰাষ্ট্ৰীয় পথ সুৰক্ষা কাৰ্যসূচী

উল্লেখ্য যে, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰা উলিওৱা হয় । ফিটা কাটি ,সেউজীয়া পতাকা উৰুৱাই শোভাযাত্ৰাৰ উদ্বোধন কৰে আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলা আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ।

লগতে পঢ়ক : সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ,এআইইউডিএফেই জয়ী হ’ব : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.