ETV Bharat / state

মৰিগাঁৱত ভয়াৱহ দুৰ্ঘটনাঃ এখন,দুখন নহয় তিনিখন ট্ৰাকৰ সংঘৰ্ষ

ট্ৰাক চালকৰ দৌৰাত্ম্য । একে ঠাইতে তিনি মালবাহী ট্ৰাক দুৰ্ঘটনাত পতিত ।

মৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ ট্ৰাক দুৰ্ঘটনা
author img

By

Published : May 27, 2019, 9:54 AM IST

মৰিগাঁও , ২৭ মে': মৰিগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । একেটা স্থানতে তিনিখনকৈ ট্ৰাক দুৰ্ঘটনাত পতিত হয় ।

জানিব পৰা মতে, AS ০১ GC ২৮৪১ নম্বৰৰ এখন চিমেণ্ট ভৰ্তি ট্ৰাক সৰুপথাৰ অভিমুখে গৈ থকা পথত , আমচৈ গেটৰ সমীপত ট্ৰাক খনৰ চকা বিকল হৈ পৰে । তেনে সময়তে ট্ৰাক খনৰ চালকে ট্ৰাক খন মেৰামতি কৰি থকা সময়ত AS-০১-GC-৬৬৫৪ নম্বৰৰ এখন ট্ৰাকে মেৰামতিৰ বাবে ৰখাই থোৱা ট্ৰাক খনক পাচফালৰ পৰা খুন্দা মাৰে । ইপিনে দ্বিতীয় খন ট্ৰাকক আকৌ AS-০১-JC-৩৫৫৪ নম্বৰৰ এখন ট্ৰাকে পাচফালৰ পৰা খুন্দা মাৰে । প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তৃতীয়খন ট্ৰাক পথৰ কাষত থকা ৰেলিঙৰ ওপৰত উঠি যায় ৷ আনহাতে দ্বিতীয় খন ট্ৰাকৰ সন্মুখভাগ ধ্বংস হয় ৷ ইপিনে এই দুৰ্ঘটনাটোৰ ফলত দুজন ট্ৰাক চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত লোক কেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও গুৰুতৰভাৱে আহত এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

Slug:     as_bar_27may_barpeta_thief_arrest_vis+bite+photo_7203841                     

বৰপেটাত ঘাটি পাতি বহিছে বহিঃৰাজ্যৰ দূস্কৃতিকাৰীঃ 
হাউলী আৰক্ষীয়ে ২০ লক্ষাধিক টকাৰ চুৰি সামগ্ৰীসহ আটক কৰিলে দূৰ্ধৰ্ষ চোৰ ৷ 
মালদহ নিবাসী ডেম্পৰ গৰাকী পলাতক ৷৷

বৰপেটা, ২৭ মে'ঃ বৰ্হিঃৰাজ্যৰ চোৰ, ডকাইত, প্ৰৱঞ্চকৰ ঘাটিত পৰিণত হৈছে বৰপেটা ৷ বৰ্হিঃৰাজ্যৰ পৰা আহি দূস্কাৰ্য সংঘটিত কৰাৰ বাবে বৰপেটাৰ হাউলীত ঘাটি পাতি বহা এটা দূৰ্ধৰ্ষ চোৰ দেওবাৰে নিশা জালত পৰিল আৰক্ষীৰ ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে দেওবাৰে নিশা হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই হাউলীৰ মানসকন্যা ঢাবাৰ সমীপৰ এটা ডেম্পৰ পৰা বৰ্হিঃৰাজ্যৰ এটা দূৰ্ধৰ্ষ চোৰ আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ হাতত আটক হোৱা চোৰটোৰ নাম আহম্মদউল্লাহ ৷ পশ্চিমবংগৰ মালদহৰ গায়েছবাৰীৰৰ বাসিন্দা ছমিৰ উদ্দিনৰ পুত্ৰ আহম্মদউল্লাহক আৰক্ষীয়ে ২০ লক্ষাধিক টকাৰ চুৰি সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় ৷ ইপিনে চুৰি সামগ্ৰী মজুত কৰি ৰখা ডেম্পটোৰ গৰাকী ইফতাৰুল আলী পলাই যাবলৈ সক্ষম হয় ৷ পলাতক ইফতাৰুল আলীৰ ঘৰ পশ্চিমবংগৰ মালদহৰ কালিয়া চ'ক থানাৰ অন্তৰ্গত চুজাপুৰৰ স্কুলপাৰাত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ডেম্পটোৰ পৰা ইতিমধ্যে আৰক্ষীয়ে মোবাইল টাৱাৰত ব্যৱহৃত ২৪টাকৈ বেটাৰী, বৃহৎ পৰিমানৰ অপটিকেল ফাইবাৰ কেবল আৰু ৩৩ কেভিৰ এলুমিনিয়াম তাঁৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ডেম্পটোৰ পৰা দেওবাৰে নিশা চুৰি সামগ্ৰীসমুহ অন্য ঠাইলৈ সৰবৰাহ কৰাৰ বাবে যো জা চলাই থকাৰ সময়তে নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই চুৰি সামগ্ৰীসহ চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷ হাউলী চহৰৰ মাজমজিয়াত এনেদৰে বৰ্হিঃৰাজ্যৰ দূবৃত্তই ঘাটি পাতি দূস্কাৰ্য সংঘটিত কৰি থকা কথাই চিন্তিত কৰি তুলিছে ৰাইজক ৷ অবশ্যে এই চুৰি কাৰ্যৰ সৈতে জড়িত সমগ্ৰ চক্ৰটোক উৎখাত কৰাৰ বাবে তদন্ত চলাই আছে হাউলী আৰক্ষীয়ে ৷৷

বাইটঃ চন্দন গোস্বামী, অ'চি, হাউলী থানা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.