মৰিগাঁও, 10 নৱেম্বৰঃ মৰিগাঁৱত টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰাকলং ফুলগুৰিত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ AS-21C-8280 নম্বৰৰ মালবাহী টেম্পোখনে এখন নম্বৰ প্লেটবিহীন বাইকক মুখামুখি খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় ভৰত মেধি নামৰ বাইক আৰোহীজন ৷ আনহাতে ভৰত মেধিৰ লগত থকা আনজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ অচিনাক্ত যুৱকজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
ঘটনাস্থলীত মৰিগাঁও আৰক্ষীৰ দল উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা টেম্পোচালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ মৃত ভৰত মেধি (২৫)স্থানীয় ১নং গোনামাৰা গাঁৱৰ ৰাজেন মেধিৰ কনিষ্ঠ পুত্ৰ বুলি জানিব পৰা গৈছে ৷
লগতে চাওকঃ শৰৎ কালৰ পূৰ্ণিমাৰ ৰাতি কৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰত মতলীয়া হ'ব ৰাজ্যৰ ভক্তগণ.