ETV Bharat / state

ধিঙত শিক্ষকৰ দ্বাৰা ধৰ্ষণৰ বলি শিক্ষয়িত্ৰী

ধিঙত শিক্ষকৰ দ্বাৰা ধৰ্ষণৰ বলি শিক্ষয়িত্ৰী ৷ টেট শিক্ষক আৰিফ আহমেদৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷

author img

By

Published : Feb 24, 2021, 4:00 PM IST

Updated : Feb 24, 2021, 5:21 PM IST

ধিঙত শিক্ষকৰ দ্বাৰা ধৰ্ষণৰ বলি শিক্ষয়িত্ৰী
ধিঙত শিক্ষকৰ দ্বাৰা ধৰ্ষণৰ বলি শিক্ষয়িত্ৰী

ধিং, 24 ফেব্ৰুৱাৰী : শিক্ষকতাৰ পবিত্ৰ বৃত্তিত কালিমা সানিলে ধিঙৰ ৰৌমাৰীৰ এজন টেট শিক্ষকে ৷ আৰিফ আহমেদ নামৰ এজন টেট শিক্ষকৰ বিৰুদ্ধে এগৰাকী টেট শিক্ষয়িত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন ৷ দক্ষিণ তুমুকা বড়িৰ প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক আৰিফ আহমেদে ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে শিক্ষয়িত্ৰীগৰাকীক ।

উল্লেখ্য যে, কেইমাহমান পূৰ্বেই সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড । দুৰ্ভগীয়া শিক্ষয়িত্ৰীগৰাকীয়ে ন্যায় বিচাৰি ধিঙৰ আহোম গাঁও উপ আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল । আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিয়ে দায়িত্ব সামৰে । কিন্তু ৰহস্যজনকভাবে অতি কৌশলেৰে আৰিফ আহমেদে এগৰাকী মহিলাৰ হতুৱাই এটা ভুৱা গোচৰ তৰে শিক্ষয়িত্ৰীগৰাকীৰ স্বামীৰ বিৰুদ্ধে । ইয়াৰোপৰি তেওঁ শিক্ষয়িত্ৰীগৰাকীক ভয়-ভাবুকি প্ৰদান কৰে ।

নগাঁও সদৰ আৰক্ষীয়ে মঙলবাৰে শিক্ষয়িত্ৰী গৰাকীৰ স্বামীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । সন্মান হানি হোৱাৰ ভয়ত শিক্ষয়িত্ৰী গৰাকী সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিল যদিও মঙলবাৰে ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপে তেওঁ । ইফালে আৰিফ আহমেদ বিগত দুটা মাহে বিদ্যালয়ত অনুপস্থিত যদিও বিভাগীয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে এগৰাকী টেট শিক্ষয়িত্ৰীক এজন টেট শিক্ষকে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰাৰ পিছতো কিয় নগাঁও আৰক্ষীয়ে ন্যায় দিয়াত ব্যৰ্থ হ'ল ? কাৰ শক্তিৰে বলিয়ান এই গৰাকীৰ টেট শিক্ষক আৰিফ আহমেদ ? কেনেকৈ মুকলি আকাশৰ তলত ঘূৰিবলৈ সাহস কৰিছে টেট শিক্ষক আৰিফ আহমেদে ? ইয়াৰ উত্তৰ দিবলৈ সক্ষম হ'বনে নগাওঁ আৰক্ষী । উল্লেখ্য যে, দূৰ্গম অঞ্চলসমূহত কৰ্মৰত শিক্ষয়িত্ৰীসকলে নিৰ্যাতনৰ বলি হোৱা ঘটনা সমূহ এক চিন্তনীয় বিষয় ।

লগতে পঢ়ক : পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ঢেকীয়াজুলিবাসীক

Last Updated : Feb 24, 2021, 5:21 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.