মৰিগাঁও, 23 মে' : দেওবাৰে মৰিগাঁৱত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ শৈক্ষিক দিশৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু চি বি এচ ই ৰ পৰীক্ষাসমূহ জুলাই মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, দেওবাৰে এখন ভিডিঅ’ কনফাৰেঞ্চত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু লগতে আটাইকেইখন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগত এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় । শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্দেশ্যি কয় যে, আগন্তুক জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলো পৰীক্ষা অনুষ্ঠিত হ’ব ।
আনহাতে JEE আৰু NEET ৰ পৰীক্ষাও ছেপ্টেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব বুলি মৰিগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্তব্য কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে । আনহাতে ছেবা আৰু CBSE ৰ পৰীক্ষা এইবাৰ একে আৰ্হিতে অনুষ্ঠিত হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ।
লগতে পঢ়ক : ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য