ডিং, 28 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে দীৰ্ঘকালীন সময় দিছপুৰৰ গাদী দখল কৰি থকা কংগ্ৰেছেও নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাটত এক নিৰ্বাচনী সভাত অংশগ্ৰহণৰ উদ্দেশ্যৰে উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন ৷ লাহৰীঘাটত উপস্থিত হৈ ৰকিবুল হুছেইনে সাংসদ গৌৰৱ গগৈৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত ড৹ হিমন্তবিশ্ব শৰ্মাৰ হিংসা হোৱা বুলি মন্তব্য কৰে ৷ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ পৰিপক্ক নহয় বুলি মন্তব্য কৰিছিল মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ এই সন্দৰ্ভত হিমন্ত বিশ্বক ওভতি ধৰে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনে কয় যে, সাংসদ গৌৰৱ গগৈৰ সক্ৰিয়তাৰ লগতে জনপ্ৰিয়তাত হিমন্ত বিশ্ব শৰ্মাৰ হিংসা লাগিছে ৷ যাৰ বাবে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ড৹ হিমন্ত বিশ্ব শৰ্মাই তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে ৷
আনহাতে মহাজোঁটৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিষয়টো বৰ্তমানে কোনোধৰনৰ আলোচনা হোৱা নাই বুলি কোৱাৰ লগতে অহা নিৰ্বাচনত মহাজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷
লগতে পঢ়ক: নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ