মৰিগাঁও, 8 জুন : অৱশেষত নিলম্বিত হ'ল বহু বিতৰ্কিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলী ৷ মৰিগাওঁ জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰহমত আলীয়ে ৷ মাধ্যমিক শিক্ষা সঞ্চালকে ৬ জুনত GB-EST/ALLEGATION/16/2023/5 নিৰ্দেশ যোগে নিলম্বন কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলীক (Headmaster of Moirabari Higher Secondary School)।
মাধ্যমিক শিক্ষা সঞ্চালকে দিয়া পত্ৰখনত উল্লেখ থকা মতে, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগৰ চৰজমিন তদন্ত চলাইছিল অতিৰিক্ত উপায়ুক্তই (Moirabari Higher Secondary School)। তদন্ত কালত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলীয়ে সংঘটিত কৰা অভিযোগৰ পৰ্যাপ্ত প্ৰামানিক তথ্য লাভ কৰিছিল অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।
অতিৰিক্ত উপায়ুক্তৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত উপায়ুক্ত দেবাশীষ শৰ্মাই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে বিভাগীয়ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল মাধ্যমিক শিক্ষা সঞ্চালকলৈ । উপায়ুক্তৰ পত্ৰৰ ভিত্তিত অৱশেষত ৬ জুনত নিলম্বন কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনক । চৰকাৰী ধন আত্মসাৎ কৰাৰ বাবে নিলম্বিত হোৱা ৰহমত আলীৰ লগতে পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন হৈছে ।
উল্লেখ্য যে, বিগত প্ৰায় এক বছৰ পূৰ্বে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা ৰহমত আলীয়ে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ নাম অতিৰিক্ত হিচাপে দেখুৱাই মধ্যাহ্ন ভোজনৰ চাউল টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল স্থানীয় একাংশ ৰাইজে । ৰাইজে মৰিগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল । উপায়ুক্ত গৰাকীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত এক তদন্তৰ নিৰ্দেশ দিয়ে অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ নিপুনক ।
অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ক্ষেত্ৰ ভিত্তিত তদন্ত চলোৱাত প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে থকা অভিযোগৰ সত্যতা প্ৰমাণ হয় । সেই হিচাপে তদন্তৰ যাৱতীয় ৰিপ’ৰ্ট মতে শিক্ষা সঞ্চালকে প্ৰধান শিক্ষকজনক নিলম্বন কৰে (Rahmat Ali controversial headmaster)। লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বে থকা প্ৰধান শিক্ষকৰ বিৰুদ্ধেও আছিল দুৰ্নীতি আৰু অনিয়মৰ গোচৰ । সেই সময়তো প্ৰধান শিক্ষকে বাতৰিৰ শিৰোনামা দখল কৰিছিল ।
লগতে পঢ়ক : Neel Abhi murder : নীল-অভি হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ; পৰিয়ালে ন্যায় পাব কেতিয়া ?