মৰিগাঁও, 19 জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো জিলা পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আৰম্ভ পালছ পলিঅ' অভিযান । পুৱা মৰিগাঁও চহৰৰ কনকলতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ । উদ্ধোধনী ভাষণত বৰাই জিলাখনৰ মায়ং,লাহৰীঘাট, মৈৰাবাৰী,ভূৰবন্ধালৈ সকলোকে গৈ এই পালছ পলিঅ'ৰ সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাই পৰিয়াল কল্যাণ বিভাগক ।
আনহাতে, দেশৰ প্ৰতিগৰাকী শিশু ৰোগমুক্ত হোৱাৰ লক্ষ্যৰে দেওবাৰে অনুষ্ঠিত শুভাৰম্ভ কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সোণেশ্বৰ দেওৰজা, অতিৰিক্ত উপায়ুক্ত ডাঃ চৈয়দ তহিদুৰ ৰহমানৰ লগতে মিছন সঞ্চালকে উপস্থিত থাকি আচনি খনৰ গুৰুত্ব বিষয়ে আলোচনা আগবঢ়াই ।
তাৰোপৰি জিলা স্বাস্থ্য যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সোণেশ্বৰ দেওৰজাই কয় যে, আমাৰ দেশক ইতিমধ্যে পলিঅ' মুক্ত বুলি ঘোষণা কৰা হৈছে যদিও চুবুৰীয়া ৰাষ্ট্ৰসমূহত ইয়াৰ প্ৰভাৱ মুক্ত নহয় । সেয়েহে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা যাতে আমাৰ দেশত সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবেই এই অভিযান অব্যাহত ৰাখিছে চৰকাৰে । চহৰৰখনৰ মাজমজিয়াত শুভাৰম্ভ কৰাৰ পিছত জিলাখন বিভিন্ন কেন্দ্ৰ সমূহত শিশু সকলক আশা নাৰ্ছ, অগংণবাড়ী কৰ্মীৰ সহযোগত সেৱন কৰোৱাৰ ব্যৱস্থা কৰে পালছ পলিঅ' ।
আৰু পঢ়কঃ শিক্ষামন্ত্ৰী সালসলনি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া