মৰিগাঁও, 18 জুনঃ মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চৰ বিশেষ পদক্ষেপ । শিক্ষিত যুৱক যুৱতী সকলৰ আত্ম সংস্থাপনৰ বাবে সংগঠনটোৱে হাতত লৈছে বিভিন্ন কাৰ্যসূচী। কৰ'ণা মহামাৰীৰ বাবে বহিঃৰাজ্যৰ পৰা ওভতি আহিছে হাজাৰ-হাজাৰ শিক্ষিত যুৱক-যুৱতী ৷ ইতিমধ্যে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতী সকলক আত্ম সংস্থাপনৰ বাবে বিভিন্ন দল সংগঠনে চৰকাৰক আহ্বান জনাইছে ৷ ঠিক তেনে সময়তেই মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। "আমাৰ গাঁও আমাৰ বজাৰ"- শীৰ্ষক শ্ল'গানৰে শিক্ষিত যুৱক যুৱতীক আত্ম সংস্থা পনৰ বাবে হাতত লৈছে এলানি কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশৰূপে বৃহস্পতিবাৰে মৰিগাঁও জিলা হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত আগ্ৰহী যুৱকসকলকলৈ অনুষ্ঠিত কৰে এক সজাগতা সভা। এই সভাত মৰিগাঁও জিলা কৃষি বিষয়া মাধুৰাম পাতিৰ , অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশীষ বৰুৱা, হিন্দু জাগৰণ মঞ্চৰ ৰাজ্যিক সমিতিৰ সভাপতি মৃণাল লস্কৰ,সম্পাদক ৰঞ্জিত কলিতা,অসম চেম্বাছ অফ কৰ্মাচৰ সম্পাদিকা ইন্দ্ৰানী ,বিশ্বহিন্দু পৰিষদৰ তথা মৰিগাঁৱৰ বিশিষ্ট সমাজ কৰ্মী লেলিন ডেকা, সমাজ সেৱক যাদৱ কোঁৱৰ, হিন্দু জাগৰণ মৰিগাঁও জিলা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ দাস,সাংবাদিক জগদীশ নাথৰ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক- কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল