ETV Bharat / state

ভুৰাগাঁৱত বানাক্ৰান্তই ভেটিলে সাংসদকে ধৰি দুই জন প্ৰধিনিধিক - কংগ্ৰেছ কৰ্মী আৰু বানাক্ৰান্ত

এগৰাকী সাংসদ আৰু আন এগৰাকী বিধায়ক ৰোষত পৰিল বানাক্ৰান্তৰ। কোনো ধৰণৰ বান-সাহাৰ্যৰ ব্যৱস্থা নকৰি বানপানীক লৈ সমাগত ২০২১ৰ নিৰ্বাচনৰ ৰাজনীতি কৰিব বিচৰাৰ অভিযোগেৰে খৰ্গহস্ত হৈ পৰে ভুৰাগাঁৱৰ বানাক্ৰান্ত ৰাইজ ।

protest in front of MP and MLA of congress at bhuragaon
ভুৰাগাঁৱত বানাক্ৰান্তই ভেটিলে সাংসদকে ধৰি দুই জন প্ৰধিনিধিক
author img

By

Published : Jul 15, 2020, 8:02 PM IST

মৰিগাঁও, ১৫ জুলাই: বুধবাৰে মৰিগাঁও জিলাৰ বানাক্ৰান্ত ৰাইজৰ ৰোষত পৰিব লগা হ'ল দুগৰাকীকৈ জনপ্ৰতিনিধি। মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ভুৰাগাঁৱত বান ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিবলৈ গৈ বানাক্ৰান্ত লোকৰ ৰোষত পৰিব লগা হ'ল স্থানীয় বিধায়ক নজৰুল ইছলাম সহ সাংসদ প্ৰদ্যুৎ বৰদলৈ । বান ক্ষতিগ্ৰস্তৰ খবৰ লবলৈ যোৱা এই দুই জনপ্ৰতিনিধিৰ লগত আছিল মৰিগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাও ।

ভুৰাগাঁৱত বানাক্ৰান্তই ভেটিলে সাংসদকে ধৰি দুই জন প্ৰধিনিধিক

উল্লেখ্য যে,বিগত ২৫ বছৰে লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে নজৰুল ইছলামে। কিন্তু ১৫ টা বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ পিছতো লাহৰীঘাট সমষ্টিৰ কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান নকৰি কেৱল ৰাইজক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিলে বিধায়কজনৰ বিৰুদ্ধে। বান ক্ষতিগ্ৰস্ত অঞ্চলবাসীৰ বাবে কোনো ধৰণৰ বান-সাহাৰ্যৰ ব্যৱস্থা নকৰি কেৱল বানপানীৰ খবৰ লোৱাৰ চলেৰে আগন্তুক ২০২১ৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে ৰাজনীতি কৰিব বিচৰাৰ অভিযোগ তুলি স্থানীয় বান বিধস্ত ৰাইজ খৰ্গহস্ত হৈ পৰে এই দুই জন প্ৰতিনিধিৰ ওপৰত ।

বানাক্ৰান্ত লোকসকলে দুই বিধায়ক আৰু সাংসদক বাট আগুচি ধৰাৰ লগে লগেই দুই জনপ্ৰতিনিধিৰ লগত যোৱা কংগ্ৰেছ কৰ্মী আৰু বানাক্ৰান্ত লোকসকলৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰো । অৱশ্যে ভুৰাগাঁও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুই জন প্ৰতিনিধি সহ সঁজাতি দলটোক সেই স্থানৰ পৰা আতৰাই নিবলৈ সক্ষম হয় ।

লগতে চাওকঃ অন্ধ্ৰ প্ৰদেশত ১০০ ফুট দ' কুৱাৰ পৰা জীৱন্তে উদ্ধাৰ সুৰাসক্ত ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.