ETV Bharat / state

Train blocked in Morigaon: মৰিগাঁৱত ৰে'ল অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:44 PM IST

মৰিগাঁৱত ৰে'ল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । পুৱাৰভাগতে শতাধিক ৰাইজে অৱৰোধ কৰিলে কেইবাখনো যাত্ৰীবাহী ৰে'ল । তিনিটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে অতিৰিক্ত আয়ুক্তৰ হাতত । ক্ষণিকৰ বাবে ব্যাহত হৈ পৰে উজনি-নামনি ৰে'লসেৱা ।

Protest demanding setting up of train gate in Morigaon
মৰিগাঁৱত ৰে'ল অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ
মৰিগাঁৱত ৰে'ল অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ

মৰিগাঁও,১ ছেপ্টেম্বৰ: ৰে'লগেট স্থাপন কৰাৰ দাবীত মৰিগাঁৱৰ চনোৱাবৰীত সহস্ৰাধিক ৰাইজৰ ৰে'ল অৱৰোধ কৰি উত্তাল কৰে পৰিৱেশ । আৰ পি এফ, চি আৰ পি এফ, আৰক্ষীৰ বাধা ওফৰাই সহস্ৰাধিক পুৰুষ মহিলাই অৱৰোধ কৰে কেইবাখনো যাত্ৰীবাহী ৰে'ল । ব্যাহত হৈ পৰে উজনি-নামনি ৰে'লসেৱা । তিনিটা দাবীৰে বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

প্ৰতিবাদকাৰীসকলে জনোৱা অনুসৰি, মৰিগাঁৱৰ সমীপৰ চনোৱাবৰীত ৰে'ল ষ্টেচনত এখন ৰে'লগেট নথকাৰ বাবে দীৰ্ঘদিন ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত চনোৱাবৰী অঞ্চলৰ চনোৱাবৰী, গড়কাটাবৰী, মান্তাবৰী, শিলভেটা, বৰগাঁও, উত্তৰ ধৰমতুল, পদুম পুখুৰী, জোৰগাঁও, মেৰুৱাগাঁও, কৰাইগুৰি,কৰাইবাৰী, এজাৰবাৰীকে ধৰি মৰিগাঁৱৰ দক্ষিণ অঞ্চলৰ ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈছে ।

বিশেষকৈ চনোৱাবৰী মাধ্যমিক বিদ্যালয়লৈ এনেদৰে মৰণত শৰণ দি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে আহ-যাহ কৰিব লগা হয় । ফলত স্থানীয় ৰাইজে ৰে'ল কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও কাণসাৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি অৱৰোধ কৰে ৰে'লপথ । ফলত শুকুৰবাৰে পুৱাৰ ভাগত কিছু সময়ৰ বাবে উজনি-নামনি ৰে'ল সেৱা ব্যাহত হৈ পৰে ।

প্ৰতিবাদকাৰীসকলে আৰক্ষী, চি আৰ পি এফ ,আৰ পি এফৰ বাধা নেওচি ৰে'লগেট স্থাপনৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ । ঘটনাস্থলীত মৰিগাঁও জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখে । আনহাতে মৰিগাঁও জিলা আয়ুক্তৰ হৈ অতিৰিক্ত আয়ুক্তই প্ৰতিবাদকাৰীসকলৰ স্মাৰকপত্ৰ গ্ৰহণ কৰি ৰাইজৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে । ইফালে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Assam BJP in controversy : ৰমাকান্ত দেউৰীৰ চিৰবৈৰী পৱন মান্তাৰ সৈতে কি কথা পাতিলে ৰাজেন গোঁহায়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.