ETV Bharat / state

গঢ়াখহনীয়া প্ৰতিৰোধৰ দাবীত লাহৰীঘাটত প্ৰতিবাদ

author img

By

Published : Jan 13, 2021, 10:49 AM IST

মাইনৰিটি পিপুলছ পাৰ্টিৰ উদ্যোগত ব্ৰহ্মপুত্ৰ নদীৰ চৰত গঢ়াখহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ । ধিঙত প্ৰতিবাদত বহিল অৰ্ধশতাধিক পুৰুষ-মহিলা ৷

গঢ়াখহনীয়া প্ৰতিৰোধৰ দাবীত  লাহৰীঘাটত প্ৰতিবাদ
গঢ়াখহনীয়া প্ৰতিৰোধৰ দাবীত লাহৰীঘাটত প্ৰতিবাদ

মৰিগাঁও, ১৩ জানুৱাৰী : ৰাজ্যৰ জলসম্পদ বিভাগৰ প্ৰতি ক্ষোভ একাংশ নৈ পৰীয়াৰ । ৰজাঘৰীয়াৰ খবৰ ল'বলৈ আহৰি নাই লাহৰীঘাট বিধানসভা সমষ্টিবাসীৰ । বিগত চল্লিশটা বছৰে গৰাখহনীয়াৰ কালৰূপ অব্যাহত থকা সমষ্টিবাসীৰ পুৰুষ-মহিলা উভয়ে ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ । মঙলবাৰে মাইনৰিটি পিপুলছ পাৰ্টীৰ উদ্যোগত ব্ৰহ্মপুত্ৰ নদীৰ চৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । গৰাখহনীয়া সমস্যা সমাধান কৰক, লাহৰীঘাট সমষ্টি বচাওক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ।

বানে গৰকা সমষ্টিটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত দলটোৱে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিকোপতি কোনোধৰণৰ সুফল লাভ নকৰিলে । নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ আজি পৰ্যন্ত অসাৰ হৈ ৰ'ল । আগন্তুক বিধানসভা নিৰ্বাচনত যাতে প্ৰতিশ্ৰুতিসমূহ ফলপ্ৰসূ হয় সেয়ে প্ৰতিজন নাগৰিকে বিচাৰে ।

লগতে পঢ়ক: তিনিচুকীয়াত ভোগালীৰ ব্যাপক উছাহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.