মৰিগাঁও, 16 ফেব্ৰুৱাৰী: অসম-মেঘালয় সীমান্তৱৰ্তী কুঠৰীৰ সোনাইকুচি বনাঞ্চলত বৰসিং তিছো নামৰ স্থানীয় লোকজনক বনকৰ্মীয়ে গুলীয়াই নিহত কৰাৰ প্ৰতিবাদত বুধবাৰে মৰিগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তিৱা ছাত্ৰসন্থাই (Protest against killing of innocent people by forest department firing) ৷ উল্লেখযোগ্য যে, ব্যক্তিজনৰ মৃত্যুৰ পিছতেই স্থানীয় ৰাইজে জ্বলাই দিছিল কুঠৰী বীট অফিচ (Encounter in Morigaon) ।
স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ কৰিছিল যে, কুঠৰী গাঁৱৰ বৰসিং তিছো নামৰ ব্যক্তিজনে ঘৰৰ দুৱাৰ খিৰিকীৰ বাবে বন বিভাগৰ কোনো লোকৰ অনুমতি সাপেক্ষেহে গছ কাটিছিল । ইয়াৰ বাবে ৪ হাজাৰ টকাৰ বিনিময়ত নিশাৰ ভাগত গছ কাটিবলৈ বন বিভাগৰ কোনো লোকে অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু নিশাৰ ভাগত কাঠ ফালিবলৈ লওঁতেই অতৰ্কিতে বন বিভাগৰ লোকে গুলীয়াই বৰসিং তিছোক নিহত কৰাৰ লগতে ৰজিত সিংহা নামৰ অন্য এজন ব্যক্তি গুৰুতৰভাৱে আহত কৰে ।
এই ঘটনাৰ পিছতেই মৰিগাঁও জিলাৰ অন্তৰ্গত সোনাইকুচি (গোভা অঞ্চলৰ)কুঠীত বন বিষয়াৰ বৰ্বৰ গুলী চালনাত মৃত্যুবৰণ কৰা নিৰপৰাধী বৰসিং তিছোৰ পৰিয়ালক অসম চৰকাৰে ন্যায় প্ৰদান কৰাৰ লগতে বন বিভাগৰ অনিয়ম, অত্যাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰক কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবীত বুধবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গণধৰ্ণাৰ কাৰ্যসূ্চীত তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচং, তিৱা সংগ্ৰামী নেতা ৰিমল আমচি প্ৰমুখ্যে বহুলোক উপস্থিত থাকে ৷
লগতে পঢ়ক: FIR against Himanta Biswa Sarma: মুখ্যমন্ত্রীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল