মৰিগাঁও, 5 মে': জীৱনৰ আটাইতকৈ মূল্যৱান সময় কয়দীৰূপে কটাই মুক্ত হোৱা কাৰাবন্দীসকলৰ বিশেষ আলোচনা চক্ৰ এখন মৰিগাঁৱত অনুষ্ঠিত হয় । মৰিগাঁৱৰ বিশিষ্ট সমাজসেৱী নিতুল বৰদলৈৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত কেইবাজনো বিশিষ্ট অতিথিয়ে মুক্ত কাৰাবন্দীসকলৰ সামাজিক সমস্যাৰ সন্দৰ্ভত আলোকপাত কৰে ।
মুখ্য অতিথি হিচাপে উপস্থিত থকা অধিবক্তা মৃণাল কুমাৰ ডেকাই কয়, "মুক্ত কাৰাবন্দী সকলক মূলসুঁতিলৈ আদৰি লোৱাটো সামাজিক দায়িত্ববোধ ।" এই সভাতে মুক্ত কাৰাবন্দীসকলৰ এখন সমিতি গঠন কৰা হয় ৷