মৰিগাঁও, 30 মাৰ্চ: বিগত 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছত ৰাজ্যত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে তৎপৰ হৈছে ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীসকল ৷ সোমবাৰে মৰিগাঁৱৰ 80 নং বিধান সভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ’ল লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাক ৷
মৰিগাঁও সমষ্টিৰ চোলাপাৰ, তৰাবড়ীটুপ, বুঢ়া তৰাবড়ী, নভংগা আদি অঞ্চলত লক্ষীমপুৰৰ সাংসদ গৰাকীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ ৷ উল্লেখ্য যে, প্ৰাৰ্থী ৰমাকান্ত দেউৰীক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাৰ বাবে সাংসদ প্ৰদান বৰুৱাই সোমাবাৰে সন্ধিয়া মৰিগাঁৱৰ বিভিন্ন স্থানত বজালে ৰণ ডংকা ৷
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণক লৈ সস্তম অসম আৰক্ষী