জাগীৰোড,25জুনঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পোষণ অভিযানৰ অধীনত জাগীৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত সোমবাৰে বাগিচাৰ শিশু আৰু মাতৃ সকলৰ স্বাস্থ্য সম্বন্ধীয় এক বিষেশ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰধানকৈ বাগিচাৰ শিশু সকলৰ মাজত দেখা দিয়া পুষ্টিহীনতা, জন্মৰ সময়ত কম ওজন হোৱা, শিশু আৰু মাতৃ সকলৰ ৰক্তহীনতা আদি বিষয় সমূহৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজিত কৰা হয় এই বিশেষ কাৰ্যসূচী । অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে পাইলত প্ৰজেক্ট হিচাপে সমাজ কল্যাণ বিভাগে গোপালকৃষ্ণ চাহ বাগিচাত গ্ৰহন কৰে এই কাৰ্যসূচী । পৰৱৰ্তী সময়ত ৰাজ্যৰ আন আন চাহ বাগিচাসমূহকো এই কাৰ্যসূচীত অন্তৰ্ভূক্ত কৰা হ'ব বুলি জনাই বিভাগটোৰ শীৰ্ষ বিষয়াই । উল্লেখ্য যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত বিভাগটোৰ সঞ্চালক, সচিবকে ধৰি শীৰ্ষ বিষয়া বৰ্গ, মৰিগাঁৱৰ উপায়ুক্ত উপস্থিত থাকে ।
পঢ়কঃ "থেচপিয়ান" ৰ স্ৰষ্টা মুখ্যধৰ দাসলৈ ২০১৯ বৰ্ষৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা