ETV Bharat / state

Morigaon Pathetic Road: বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত ওলাই আহিল ৰাইজ

এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক ৷ দক্ষিণ ধৰমতুল গাঁওপঞ্চায়তৰ বাৰগোগ গাঁৱৰ বিধ্বস্ত পথে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত ছবি ৷

Morigaon Road
বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত ওলাই আহিল ৰাইজ
author img

By

Published : Aug 12, 2023, 3:44 PM IST

বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত ওলাই আহিল ৰাইজ

মৰিগাঁও, 12 আগষ্ট: যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ জয়ঢোল বজাইছে ঠিক তেনে সময়তে ৰাজ্যৰ উন্নয়নৰ বাস্তৱ ছবিখন উন্মোচিত হৈছে ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ বাট-পথৰ শোচনীয় অৱস্থাই তাকে প্ৰমাণ কৰিছে ৷ তেনে এক জৰাজীৰ্ণ পথ এটা দেখিবলৈ আপুনি যাব লাগিব মৰিগাঁৱৰ ধৰমতুললৈ য’ত এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ এজাক বৰষুণ দিলে পথাৰ সদৃশ হৈ পৰে পথচোৱা ৷ পথৰ দুৰৱস্থাৰ বাবে মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত যাতায়ত ব্যৱস্থাৰ নামত যমৰ যাতনা ভুগিছে বাৰগোগ গাঁৱৰ ৰাইজে ৷ বোকাময় পথেৰেই দৈনিক অহা যোৱা কৰে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱখনৰ শ শ ৰাইজ ৷ অতি পৰিতাপৰ বিষয়ত বাৰগোগ গাঁৱৰ লোকৰ বাবে একমাত্ৰ যাতায়তৰ সম্বল ৷ যি সময়ত চৰকাৰে উন্নয়নৰ শ্লোগানৰে ঢাক-ঢোল বজাই আছে তেনে সময়তে দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ বাৰগোগ গাঁৱৰ বিধ্বস্ত পথে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত ছবি ৷

বহুবাৰ চৰকাৰ তথা জন প্ৰতিনিধিক আবেদন কৰিও সুফল লাভ কৰা নাই গাঁৱবাসীয়ে ৷ কেইবাবাৰো পঞ্চায়ত প্ৰতিনিধিক মেৰামতিৰ বাবে আবেদন কৰি আহিছো ৷ কিন্তু পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ সেয়ে পথ চোৱা মেৰামতিৰ অভাৱতে পথাৰ সদৃশ্য হৈ পৰে ৷ যদিহে পথচোৱা মেৰামতি নকৰে তেতিয়া হ’লে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৰাইজে ৷

শুক্ৰবাৰে পথ মেৰামতিৰ দাবীত ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ‘মন্ত্ৰী মহোদয় আমি বহুত অসুবিধাৰ সন্মুখীন হৈছো ৷ এদিন ল’ৰা ছোৱালীয়ে বিদ্যালয় বা কলেজলৈ গ’লে দুদিন নাযায় কেৱল এই পথচোৱাৰ বাবে ৷ জৰুৰীকালীন সেৱাৰ পৰাও আমি বঞ্চিত ৷ সেয়ে মন্ত্ৰী পীযুষ হাজৰীকা ডাঙৰীয়া আমাক পথচোৱা মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিয়ক ৷’ মন্ত্ৰী পীযুষ হাজৰীকালৈ এই আহ্বান স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক:Protest in Morigaon: ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আজৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.