মৰিগাঁও, ২৭ জানুৱাৰী: মৰিগাঁৱত বুধবাৰে খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই । মায়ং ৰাজহ চক্ৰৰ উদ্যোগত ভূমি পট্টা বিতৰণ অনুষ্ঠানটি আয়োজন কৰা হয় ।
মায়ং ৰাজহ চক্ৰৰ অধীনত দ্বিতীয় বাৰৰ বাবে ১,২৬৯ গৰাকী হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে ৫ গৰাকী ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।
মাটিৰ পট্টা প্ৰদান কৰি তেওঁ কয় যে, পূৰ্বে মাটিৰ পট্টা বিচাৰি ৰাইজে মণ্ডলৰ কাৰ্যালয়লৈ গৈ বাট বুলিবলগীয়া হৈছিল । এতিয়া দিছপুৰৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নিৰ্দেশ প্ৰদান কৰা হয় ।
দিছপুৰৰ পৰা এই নিৰ্দেশনাৰ লাভ কৰাৰ পিছতে লাখ লাখ মানুহৰ নামত ভূমিৰ পঞ্জীয়ন হৈছে । আধা বিঘাৰ পৰা আঠ বিঘা পৰ্যন্ত মাটিৰ গৰাকী হ'বলৈ সক্ষম হৈছে ভূমিহীন পৰিয়ালসমূহ ।
লগতে বিজেপি আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মাজত কামৰ পাৰ্থক্য ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । ভূমি পট্টা বিতৰণ অনুষ্ঠানত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।