মৰিগাঁও, 21 আগষ্ট : মৰিগাঁৱৰ ঝাৰগাঁৱত গুলীসহ এটা পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। ঝাৰগাঁৱৰ এগৰাকী লোকৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ৬ জাঁই গুলীসহ এটা পিষ্টল জব্দ কৰে । আৰক্ষীয়ে লোকজনক সোধপোচৰ বাবে আটক কৰে যদিও পিছত মুকলি কৰি দিয়ে। ষড়যন্ত্ৰমূলকভাৱে কোনো লোকে পিষ্টলটো গৃহস্থৰ অজ্ঞাতে ঘৰত থৈ গৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে লোকজনৰ ঘৰত অভিযান চলাইছিল। সমাজৰ বিভিন্ন কল্যাণকামী কামৰ সৈতে জড়িত এজন লোকৰ ঘৰত অবৈধভাৱে ৰখা পিষ্টল উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও জিলা আৰক্ষীয়ে।
লগতে পঢ়ক : তামুলপুৰত নিশা পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক