ETV Bharat / state

লাহৰিঘাটত বান-গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - flood news

লাহৰীঘাট ভূৰাগাঁৱৰ বৰালিমাৰীৰ জেংপুৰিত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাও যাত্ৰাৰে উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বুজ লয় । লাহৰীঘাটৰ গৰাখহনীয়া ৰোধৰ লগতে বান পানী নিয়ন্ত্ৰণৰ বাবে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

Lahrighat floods to be freed soon: Minister Piyush Hazarika
শীঘ্ৰেই লাহৰীঘাটৰ বান মুক্ত কৰা হ'ব: মন্ত্ৰী পীযুষ হাজৰিকা
author img

By

Published : Jun 11, 2021, 10:22 PM IST

ধিং, 11 জুন : দশক দশক ধৰি মৰিগাঁও জিলাৰ মৈৰাবাৰী লাহৰীঘাট আৰু ভূৰাগাঁও অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰিছে বহু লোকক ৷ ঘৰ দুৱাৰকে আদি কৰি হাজাৰ-হাজাৰ কৃষিভূমি ব্ৰহ্মপুত্ৰত জাহ গৈছে ৷ বৰ্তমানো মথাউৰিৰ ওপৰতে অঞ্চলটোৰ বহুলোকে আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জিলা খনৰ লাহৰীঘাট ভূৰাগাঁও গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীগৰাকী লাহৰীঘাট ভূৰাগাঁৱৰ বৰালিমাৰীৰ জেংপুৰিত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাও যাত্ৰাৰে উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বুজ লয় ।

লাহৰীঘাটৰ গৰাখহনীয়া প্ৰতিৰোধৰ লগতে বান নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । লাহৰীঘাটৰ প্ৰায় ১৪ কিল' মিটাৰ উন্মুক্ত মথাউৰি অতি কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি অঞ্চলটো বান মুক্ত কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

শীঘ্ৰেই লাহৰীঘাটৰ বান মুক্ত কৰা হ'ব: মন্ত্ৰী পীযুষ হাজৰিকা

উল্লেখযোগ্য যে, বৰ্তমান বাৰিষাৰ বতৰত মথাউৰি নিৰ্মাণ কৰাটো সম্ভৱ নহয়, সেই কাৰণে এই বছৰটোত কেনেকৈ বান প্ৰতিৰোধ কৰিব পাৰি তাৰবাবে চেষ্টা কৰা হ'ব বুলি আন এক মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

গৰাখহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰ, উপায়ুক্ত সীমা ৰেখা ভূঞা, জিলা মূখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৰ লগতে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক-অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.