ETV Bharat / state

Shelter home in Morigaon: জিলা আযুক্তৰ প্ৰেচষ্টাত বন্যাৰ্তৰ বাবে স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 11:29 AM IST

মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ ৷ নৈপৰীয়া অঞ্চলত স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণ ৷ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ প্ৰচেষ্টাত জিলাখনৰ বৰালীমাৰি চৰত স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণ ৷

Flood in Morigaon
মৰিগাঁও জিলা আযুক্তৰ প্ৰেচষ্টাত বন্যাৰ্তৰ বাবে নিৰ্মাণ স্থায়ী আশ্ৰয় গৃহ
মৰিগাঁও জিলা আযুক্তৰ প্ৰচেষ্টাত বন্যাৰ্তৰ বাবে নিৰ্মাণ স্থায়ী আশ্ৰয় গৃহ

মৰিগাঁও, 31 আগষ্ট : বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত মৰিগাঁও জিলাত বানত আক্ৰান্ত বা বান ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা হ্ৰাস পাইছে ৷ ৰাজ্য চৰকাৰে লোৱা খহনীয়া প্ৰতিৰোধী বান্ধৰ ব্যৱস্থা, মথাউৰি নিৰ্মাণ, প্ৰয়োজন অনুসৰি শ্লুইছ গেট নিৰ্মাণৰ বাবে এক প্ৰকাৰ বান প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ৷ জিলাখনত বানৰ দ্বাৰা বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাই যদিও নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে সকলো ধৰণে সাজু হৈছে ৷

কিন্তু নৈপৰীয়া অঞ্চল এতিয়াও বানৰ কবলত ৷ কেতবোৰ নৈপৰীয়া অঞ্চলত বানৰ বাবে যাতে জনসাধাৰণ কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । এইবাৰ জিলাখনত প্ৰশাসনে নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ওখ ঠাইসমূহত স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ একান্ত প্ৰচেষ্টাত মৰিগাঁও জিলাৰ কেইবাটাও চৰ অঞ্চলত বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায় হোৱাকৈ স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিছে ।

যোৱা ২৭ আগষ্টত জিলাখনৰ বৰালীমাৰি চৰৰ চাৰিওফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছিল ৷ বৰালীমাৰি চৰ অঞ্চলত বাস কৰা ১২৫ জন লোকে ৭৫ টাকৈ গৰু-ছাগলীসহ চৰ অঞ্চলটোত স্থাপন কৰা স্থায়ী আশ্ৰয় গৃহটোত আশ্ৰয় লয় । এই আশ্ৰয়গৃহত এটা পাকঘৰ আৰু এটা মজুতকৰণ গৃহ আছে ।

অনুৰূপ স্থায়ী আশ্ৰয় গৃহৰ নিৰ্মাণৰ কাম জিলাখনৰ লাহৰিঘাট অঞ্চলত অহা নৱেম্বৰ মাহত আৰম্ভ কৰা হ'ব । এই আশ্ৰয় গৃহটোত বান ক্ষতিগ্ৰস্ত লোকসকলে থকা-খোৱা সকলো সুবিধা লাভ কৰাৰ লগতে এটা সুৰক্ষিত ঘৰুৱা পৰিৱেশত আশ্ৰয় ল'ব পাৰিব । এই কথা জানিবলৈ দিছে জিলা আয়ুক্ত গৰাকীয়ে ৷

জিলা আয়ুক্ত শৰ্মাই কয় যে এইবাৰ জিলাখনত বহু বছৰৰ মূৰত ৰাইজে শালি খেতি কৰিছে । এয়া জিলাখনৰ কৃষি অৰ্থনীতি বিশেষকৈ কৃষকসকলৰ বাবে এটা ইতিবাচক খবৰ । বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে জিলাখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ ইয়াৰ অন্যতম কাৰণ বুলি তেওঁ কয় ।

লগতে পঢ়ক: Minister Pijush Hazarika : গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিত আহি অসুবিধাৰ সৃষ্টি কৰিছে;পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.