ETV Bharat / state

জাগীৰোড ৰে'ল ষ্টেচনত কেৰালাৰ পৰা অহা পাঁচ শতাধিক যাত্ৰীৰ পলায়ন - জাগীৰোড ৰে'লৱে ষ্টেচন

কেৰালাৰ পৰা অহা পাঁচ শতাধিক নিবনুৱা যুৱকে এতিয়া মৰিগাঁৱত সৃষ্টি কৰিছে সন্ত্ৰাসৰ । জাগীৰোড ৰে'ল ষ্টেচনৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছে সহস্ৰাধিকে ৷

জাগীৰোড ৰেল ষ্টে’চনত ভয়ংকৰ ঘটনা
জাগীৰোড ৰেল ষ্টে’চনত ভয়ংকৰ ঘটনা
author img

By

Published : May 23, 2021, 9:13 PM IST

Updated : May 23, 2021, 9:53 PM IST

মৰিগাঁও, 23 মে’: মৰিগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সোপা ঢিলা নীতিৰ বাবেই মৰিগাঁৱৰ জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট নকৰাকৈ বিভিন্ন অঞ্চললৈ গৈছে প্ৰায় পাঁচ শতাধিক যুৱক । কেৰালাৰ পৰা অহা পাঁচ শতাধিক নিবনুৱা যুৱকে এতিয়া মৰিগাঁৱত সৃষ্টি কৰিছে সন্ত্ৰাসৰ ৷ এইসকল যুৱকৰ ভিতৰত 144 গৰাকীয়ে ৰেপিড এন্টিজেন টেষ্ট কৰিছে আৰু চাৰি গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱা গৈছে ৷

জাগীৰোড ৰেল ষ্টে’চনত ভয়ংকৰ ঘটনা

আনহাতে একাংশই জাগীৰোড ৰে'ল ষ্টেচনৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছে বুলি জানিব পৰা গৈছে । ৰে'ল ষ্টেচনৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈয়ে একাংশ লোক পলায়ন কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে জাগীৰোড ৰে'ল ষ্টেচনত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

জাগীৰোড ৰেল ষ্টে’চনত ভয়ংকৰ ঘটনা
জাগীৰোড ৰেল ষ্টে’চনত ভয়ংকৰ ঘটনা

উল্লেখযোগ্য যে, দেওবাৰে কেৰালাৰ পৰা বিবেক এক্সপ্ৰেছত অহা সাতশৰো অধিক যাত্ৰী জাগীৰোড ৰেল ষ্টেচনত নামিছিল ৷ তাৰ পাচতে সকলো যাত্ৰীকে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল যদিও যাত্ৰী সকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ক’ভিড পৰীক্ষা নকৰাকৈয়ে পাঁচশৰো অধিক যাত্ৰীয়ে পলায়ন কৰে ৷

মন কৰিবলগীয়া যে, যাত্ৰীসকল মৰিগাঁও জিলাৰ উপৰিও নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বাসিন্দা ৷ এনে ক্ষেত্ৰত বিবেক এক্সপ্ৰেছত কেৰালাৰ পৰা অহা এইসকল যাত্ৰীয়ে ক'ভিড পৰীক্ষা নকৰাকৈ যদি নিজৰ গাঁও বা অঞ্চলত আন লোকৰ সৈতে থাকে তেন্তে নিশ্চিতভাৱে সেই অঞ্চলজুৰি এক ভয়ংকৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ হুৰহুৰকৈ ওলাই গৈছে ৰাজকোষৰ ধনঃ সাহাৰ্য বিচাৰি বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ

Last Updated : May 23, 2021, 9:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.