মৰিগাঁও, 20 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ আশু আৰোগ্য কামনা আৰু সোণোৱাল চৰকাৰৰ সুমতি বিচাৰি সোমবাৰে বহুকেটা দল সংগঠনে সমূহীয়া মাংগলিক অনুষ্ঠানৰ আয়োজন কৰে ৷ জিলাখনৰ বাৰপূজীয়াৰ গণেশ মন্দিৰত চৰকাৰৰ সুমতি বিচাৰি সমূহীয়া প্ৰাৰ্থনা কৰে সংগঠন কেইটাই ৷
![ORGANZATION PROTEST AT MORIGAON, ALL PROTERSTERS DEMAND RELEASE TO AKHIL GOGOI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8104089_mo12.png)
উল্লেখ্য যে,কৃষক মুক্তি সংগ্ৰাম সমিতি উপদেষ্টা তথা 'কা' বিৰোধী আন্দোলনৰ কাৰাবন্দী নেতা অখিল গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সুমতি বিচাৰি প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে ৷ বাৰপূজীয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আম আদমী পাৰ্টি,তাই আহোম ছাত্ৰ সন্থা আৰু বাৰপূজীয়া অঞ্চলৰ পুৰুষ মহিলা মিলিত হৈ সোমাবাৰে বাৰপূজীয়া গণেশ মন্দিৰত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে এই মাংগলিক অনুষ্ঠানৰ আয়োজন কৰে ।
![ORGANZATION PROTEST AT MORIGAON, ALL PROTERSTERS DEMAND RELEASE TO AKHIL GOGOI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8104089_mor.png)
প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টা কৰিছে সোণোৱাল চৰকাৰে । সেয়েহে, এই মাংগলিক কাৰ্যসূচীৰ জৰিয়তে কাৰাৰুদ্ধ কৰি ৰখা কৃষক নেতাজনক অতি শীঘ্ৰে মুক্তি কৰি দিবলৈ সৰ্বানন্দ সোনোৱাল চৰকাৰৰ সুমতি বিচাৰি এই প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক : ড্ৰাগছৰ সৈতে জখলবন্ধাত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী