ETV Bharat / state

গা ধুবলৈ গৈ সোণাই নৈত নিখোজ এগৰাকী শিক্ষক

author img

By

Published : Jun 24, 2021, 7:45 AM IST

গা ধুবলৈ গৈ মৰিগাঁৱৰ (Morigaon) সোণাই নৈত নিখোজ এগৰাকী 23 বছৰীয়া যুৱ শিক্ষক ৷ এচ.ডি.আৰ.এফ (SDRF) বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও এতিয়ালৈ কোনো সন্ধান পোৱা শিক্ষকগৰাকীৰ ৷

One teacher missing in Sonai river Morigaon District
গা ধুবলৈ গৈ সোণাই নৈত নিখোজ এগৰাকী শিক্ষক

মৰিগাঁও,24 জুন: কৰ'ণা সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে ইটোৰ পিচত সিটো বিক্ষিপ্ত ঘটনা ৷ সমান্তৰালকৈ মৰিগাঁৱতো বুধবাৰে সংঘটিত হয় এটা অঘটন । মৰিগাঁৱ (Morigaon)ৰ সোণাই নৈ (Sonai river) ত গা ধুবলৈ গৈ সন্ধানহীন হয় এগৰাকী 23 বছৰীয়া যুৱ শিক্ষক ৷ নৈ খনত সন্ধানহীনহোৱা শিক্ষক গৰাকীৰ মৰিগাঁও চৰাইবাৰী গাঁৱৰ নিলম নাথ বুলি জানিব পৰা গৈছে ৷ নিলম নাথ মৰিগাঁৱৰ "ৰাধাকৃষ্ণণ ইংলিছ একাডেমি" (Radhakrishnan English Academy)ৰ শিক্ষক ৷

উক্ত ঘটনাটো অনুসৰি, বুধবাৰে আবেলি যুৱ শিক্ষকগৰাকীয়ে ছয়জন বন্ধুৰ সৈতে সোণাই নৈত গা ধুবলৈ গৈছিল ৷ কিন্তু গা ধুবলৈ সোণাই নৈত নামোতেই নৈ খনৰ সোঁতে উটুৱাই নিয়ে নিলম নাথক ৷ ততালিকে একেলগে গা ধুবলৈ যোৱা বন্ধুকেইজনে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰিলে নিলম নাথৰ ৷ এই খবৰটো আৰক্ষী (police)ৰ লগতে SDRF ক অৱগত কৰে বন্ধু কেইজনে ৷

ইফালে ঘটনাস্থলীত আৰক্ষী (police)আৰু (SDRF) ৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ কিন্তু প্ৰতিকুল বতৰ আৰু নিশা হোৱাৰ বাবে SDRF বাহিনীৰ উদ্ধাৰ অভিযান ব্যাহত হৈ পৰে ৷

উল্লেখ্য যে, নিলম নাথক উদ্ধাৰ কৰিবলৈ SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও এতিয়ালৈ কোনো সন্ধান লাভ নকৰিলে নিলম নাথৰ ৷ ইফালে শিক্ষক নিলম নাথ সোণাই নৈত নিখোজ হোৱা বাতৰিটোৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

একেদৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত 11 জুনৰ বিয়লি সংঘটিত হয় এটা শোকাবহ ঘটনা ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত নিয়োজিত এজন 25 বছৰীয়া শ্ৰমিক ব্ৰহ্মপুত্ৰত নিখোজ হয় ৷ নিখোজ হোৱা শ্ৰমিক গৰাকীৰ নাম প্ৰদীপ হাজৰিকা ৷ শ্ৰমিকজনৰ ঘৰ মাজুলীৰ শালমৰাত বুলি জানিব পৰা গৈছে । নদীৰে জিঅ'বেগত মাটি ভৰাবলৈ গৈ থকা অৱস্থাতে নাৱৰ পৰা পৰি যায় শ্ৰমিকজন ৷

ইফালে স্থানীয় ৰাইজৰ সহযোগত অন্য শ্ৰমিকসকলে উদ্বাৰ অভিযান চলাইছিল যদিও এই পৰ্যন্ত শুংসূত্ৰ নাপালে শ্ৰমিকজনৰ ৷

লগতে পঢ়ক- আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে কুখ্যাত অপৰাধী বুবু কোঁৱৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.