মৰিগাঁও, 12 ফেব্ৰুৱাৰী: মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত চলি থকা নিচাজাতীয় দ্ৰব্যৰ বেহা, ড্ৰাগছ সৰহবৰাহকাৰীয়ে মৈৰাবাৰী আৰক্ষীৰ নিদ্ৰা হৰণ কৰাৰ মাজতে মৈৰাবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক কল্পজ্যোতি বৰাৰ নেতৃত্বত চলা এক অভিযানত পলাসজুৰিৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰৱ্যৰ সৈতে এগৰাকী ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছৰ বিৰুদ্ধে কল্পজ্যোতি বৰাৰ নেতৃত্বত চলা অভিযানত পলাসজুৰিত দীৰ্ঘ দিনৰ পৰা অবৈধ ভাৱে নিচাযুক্ত কফ চিৰাপ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা চলাই থকা মইনুল হক উৰফে মহন্ত (30) ৰ ঘৰত তালাচি চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে ৷
ড্ৰাগছ ব্যৱসায়ী মইনুল হক উৰফে মহন্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে AS-02 D-0608 নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ 21(a) NDPS Act. ত 71/21 নম্বৰত গোচৰ পঞ্জীয়ন কৰি মৰিগাঁও জিলা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক:নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ