মৰিগাঁও, 29 নৱেম্বৰ: বিটিচি নিৰ্বাচনৰ সমান্তৰালভাবে মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিভিন্ন ৰাজনৈতিক দলসমূহে ৷ শনিবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা শাসকীয় দল বিজেপিৰ লগতে অগপ আৰু আপৰ তিনিজন প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।
মৰিগাঁৱৰ 17 নং ভোমোৰাগুৰি পৰিষদীয় সমষ্টিত বিজেপিৰ পৰা দেবকান্ত বৰদলৈয়ে, 2 নং বৰঙণিত আম আদমি পাৰ্টীৰ পৰা অনুপম পাটৰ আৰু অসম গণ পৰিষদৰ পৰা ললিতা পাটৰে মনোনয়ন পত্ৰ দাখিল কৰে । আপৰ অনুপ পাটৰ আৰু ললিতা পাটৰে দলীয় নেতৃত্ব আৰু সমৰ্থকক লৈ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ আনহাতে দেবকান্ত বৰদলৈয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ।
লগতে পঢ়ক: বিটিচিৰ উন্নয়নৰ ধন লুটি-পুটি খালে বিপিএফ : পৰিমল শুক্লবৈদ্য