ETV Bharat / state

মৰিগাঁৱত 28 এপ্ৰিললৈ ক’ভিড সংক্ৰমণৰ হাৰ 1.4 শতাংশ

author img

By

Published : Apr 29, 2021, 10:43 AM IST

পহিলা এপ্ৰিলৰ পৰা মৰিগাঁও জিলাত মুঠ 31,813 গৰাকী লোকক ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন ৷ ইয়াৰে 448 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । বুধবাৰৰ দিনটোত ক’ভিড সংক্ৰমণৰ হাৰ 1.9 শতাংশ ৷

মৰিগাঁৱত 28 এপ্ৰিললৈ ক’ভিড সংক্ৰমণৰ হাৰ 1.4

মৰিগাঁও,29 এপ্ৰিল: ভূমিকম্পৰ মাজতে বুধবাৰৰ দিনটোত মৰিগাঁও জিলাৰ ক’ভিড আক্ৰান্ত ৰোগীৰ হাৰ নিম্নগামী হৈ 1.9 শতাংশলৈ হ্ৰাস পায় ৷ ক’ভিড আক্ৰান্ত 448 গৰাকী ৰোগীৰ ভিতৰত 66 গৰাকী ৰোগীক ক’ভিডৰ পৰা মুক্ত বুলি জিলা স্বাস্থ্য বিভাগে ঘোষণা কৰে । বুধবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 1,222 গৰাকী লোকৰ ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । পহিলা এপ্ৰিলৰ পৰা জিলাখনত মুঠ 31,813 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰ লগে লগে 448 গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ।

মৰিগাঁৱত 28 এপ্ৰিললৈ ক’ভিড সংক্ৰমণৰ হাৰ 1.4
মৰিগাঁৱত 28 এপ্ৰিললৈ ক’ভিড সংক্ৰমণৰ হাৰ 1.4 শতাংশ

উল্লেখ্য যে, মঙলবাৰে 61 গৰাকী লোকক ঘৰলৈ যাব দিয়াত বুধবাৰে জিলাখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 24 গৰাকী হয়গৈ । সম্প্ৰতি চিকিৎসালয়ত 13 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, হোম আইচ’লেচনত থকা ৰোগীৰ সংখ্যা 428 গৰাকী । বুধবাৰৰ দিনটোত ক’ভিড সংক্ৰমণৰ হাৰ 1.9 শতাংশ হৈছে । পহিলা এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈ এই হাৰ 1.4 শতাংশ বুলি সদৰী কৰে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক : মাজুলী, গোলাঘাট-হোজাইতো ভূমিকম্পৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.