ETV Bharat / state

National Unity Day:মৰিগাঁৱত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ - Former table tennis player Monalisa Mehta Baruah

স্বাধীন ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ (Birthday of Sardar Vallabhbhai Patel) জন্ম দিনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আয়োজিত কাৰ্যসূচীত পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷

National Unity Day
মৰিগাঁৱত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ
author img

By

Published : Oct 31, 2022, 6:57 PM IST

ধিং, ৩১ অক্টোবৰ: সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) পালন কৰা হয় ৷ চৰ্দাৰ বল্লভ ভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভাৰত চৰকাৰে ২০১৪ চনৰ পৰা এই দিৱসৰ আয়োজন কৰিছে । চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৩১ অক্টোবৰত দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ।

আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলাতো (National Unity Day in Marigaon) ৰাষ্ট্ৰীয় একতা দিৱস আৰু একতা দৌৰ কাৰ্যসূচী পালন কৰা হয় । এই কাৰ্যসূচীৰ অংশ হিচাপে পুৱা ৮ বজাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি নিবেদন কৰা হয় ।

National Unity Day
মৰিগাঁৱত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ

উক্ত অনুষ্ঠানৰ পিছত অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসে আঁতধৰা কাৰ্যসূচী মতে, ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত পাঠ কৰা হয় । ইয়াৰ পিছতে ৰাষ্ট্ৰীয় একতা দৌৰ (National Unity Rally at Marigaon) কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

মৰিগাঁও মহাবিদ্যালয়ৰ খেলপথাৰত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই পতাকা জোকাৰি শুভ উদ্বোধন কৰা একতা দৌৰত প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ মনালিছা মেহতা বৰুৱা (Former table tennis player Monalisa Mehta Baruah),সাঁতোৰবিদ এলভিছ আলী হাজৰিকা (Swimmer Elvis Ali Hazarika) আৰু মহাদেৱ ডেকা, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু,উপায়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰী সকল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ।

মহাবিদ্যালয়ৰ খেল পথাৰৰ পৰা আৰম্ভ হৈ এক কিলোমিটাৰ পথ অতিক্ৰম কৰা এই একতা দৌৰ ক্ষীৰোদ বৰুৱা খেল পথাৰলৈ সমাপ্ত হয় । দৌৰ কাৰ্যসূচীৰ পাছত ৰাষ্ট্ৰীয় একতা দিৱসৰ একতাৰ সংকল্প গ্ৰহণ কৰা হয় । এই দিৱসৰ তাৎপৰ্য আৰু গুৰুত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা আগবঢ়াই উপায়ুক্ত দেৱাশীষ শৰ্মাই ।

তেওঁ সকলোকে বল্লভভাই পেটেলৰ আদৰ্শ আৰু ত্যাগৰ মনোভাৱেৰে দেশ গঢ়াৰ কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । ইপিনে,মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নেতৃত্বত বৃহৎ আৰক্ষী বাহিনীও ৰেলী উলিয়াই ।

লগতে পঢ়ক:National Unity Day 2022 : গুৱাহাটীত একতাৰ দৌৰৰ কাৰ্যসূচীত হিমন্ত বিশ্ব আৰু সৰ্বানন্দৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.