মৰিগাঁও, 2 ছেপ্তেম্বৰ : মৰিগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ । ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীয়ে চৰকাৰী পক্ষৰ পকেটত সোমাই ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ গৰাকীয়ে । মৰিগাঁৱত ভিজন টাইম অসম নামৰ সামাজিক মাধ্যমৰ সংবাদ প্ৰতিষ্ঠান এটা উদ্ধোধন কৰাৰ সময়ত এই মন্তব্য প্ৰদান সাংসদ প্ৰদ্যুত বৰদলৈৰ ৷
আনহাতে, তেওঁ পুনৰ কয় যে, ডিজিটেল মিডিয়াই সত্য আৰু শুদ্ধ বাতৰি পৰিবেশনৰে সংবাদ মাধ্যমৰ গৰিমা অক্ষুণ্ণ ৰাখিব । সেয়েহে সামাজিক সমতা ৰক্ষাৰ বাবে সামাজিক মাধ্যম বৰ্তমান অতিকৈ প্ৰাসংগিক বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক : ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গতি 15 শতাংশলৈ হ্ৰাস: হিমন্ত বিশ্ব শৰ্মা