মৰিগাঁও,11 চেপ্তেম্বৰঃ যিসকল প্ৰকৃত ভাৰতীয় নাগৰিকৰ NRCত নাম নাই সেইসকলক কংগ্ৰেছে সহায় কৰিব । বিজেপি চৰকাৰক কটু সমালোচনা কৰি এনেদৰে মন্তব্য কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বুধবাৰে মৰিগাঁৱৰ এক দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰি এই মন্তব্য সাংসদ গৰাকীৰ ৷
আনহাতে, NRC সন্দৰ্ভত মন্তব্য কৰি সাংসদ গৰাকীয়ে সোণোৱাল নেতৃত্বতাধীন বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰে ৷ NRCত নাম বাদ পৰা বৈধ ভাৰতীয় নাগৰিকক আইনী সহায়ৰ লগতে সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ দলীয় কৰ্মীসকলক আহ্বান জনাই প্ৰদ্যুৎ বৰদলৈয়ে ৷