মৰিগাঁও, 24 আগষ্ট : পবিত্ৰ ভাদ মাহৰ সৈতে সংগতি ৰাখি মৰিগাঁৱত এগৰাকী বয়ন শিল্পীয়ে বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত সাজি উলিয়াইছে এখন বস্ত্ৰ । জানিব পৰা মতে, মাত্ৰ 20 দিনত বস্ত্ৰখনৰ বুটা বাছি উলিয়াইছে মহিলাগৰাকীয়ে ।
গুৰুজনাৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰ । পবিত্ৰ ভাদমাহত গুৰুজনাক শ্ৰদ্ধা জনাই মৰিগাঁৱৰ শিল্পীগৰাকীয়ে সাজি উলিয়াই পবিত্ৰ বস্ত্ৰখন ৷ ন টা ৰঙৰ আছুৱে বুটা বাছি উলাইছে এইখন চাৰিমিটাৰ দৈৰ্ঘৰ বৃন্দাবনী বস্ত্ৰৰ আৰ্হি বস্ত্ৰ। গুৰুজনাৰ সৃষ্ট বৃট্ৰিছ সংগ্ৰহালয়ত সংৰক্ষিত পবিত্ৰ বস্ত্ৰক কোনো কালে নেদেখাকৈ মনত থকা নক্সাসমূহক বহীপাতত সুকীয়াকৈ ছবি অংকণ সাজি উলায়াইছে এই বস্ত্ৰখন । কাৰ্যতঃ শ্ৰীকৃষ্ণৰ সকলো লীলাক বুটা বাছিবলৈ যত্নপৰ হৈছে বয়ন শিল্পী তিলোত্তমা বৰুৱা নামৰ শিপিনীগৰাকীয়ে ৷
লগতে পঢ়কঃ মুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা
আধুনিক বয়ন যন্ত্ৰসমূহক প্ৰত্যাহ্বান জনাইছে এগৰাকী অসমীয়া শিপিনীয়ে । পৰম্পৰাগত মাটি শালতে সাজি উলিয়াইছে এই বস্ত্ৰখন । মৰিগাঁও জাগী দৰঙীয়াল গাঁৱৰ এইগৰাকী চহা শিপিনীৰ আছে দূৰ্বাৰ হাবিয়াস ৷ ভৱিষ্যতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্বক অসমীয়া তাঁতশালত বুটা বচাৰ সপোন শিপিনীগৰাকীৰ । পিছে ইয়াৰ বাবে দৰকাৰ প্ৰয়োজনীয় সূতা-কপাহ। সেয়ে চৰকাৰৰ পৰা কিছু সহায় বিচাৰিছে তিলোত্তমা বৰুৱাই ৷