ETV Bharat / state

নিজ কৰ্তব্যৰ মাজতেই উৰুকা পালন মৰিগাঁৱৰ আৰক্ষীৰ

কৰ্মব্যস্ততাৰ মাজতে মৰিগাঁও জালুগুটিৰ আৰক্ষী চকীৰ জোৱান সকলে উৰুকাৰ নিশা বিহু গীতৰ তালে-তালে নাচি-বাগি উদযাপন কৰিলে হেঁপাহৰ উৰুকা ।

নিজ কৰ্মৰ মাজেৰেই উৰুকা পালন মৰিগাঁৱৰ আৰক্ষীৰ

author img

By

Published : Jan 14, 2021, 7:16 AM IST

মৰিগাঁও,14 জানুৱাৰী : বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ভোগালীৰ উৰুকা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো পালন কৰা হয় হেঁপাহৰ ভোগালী বিহু ৷ জিলাখনৰ জালুগুটি আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলেও নিজ কৰ্মব্যস্ততাৰ মাজেৰে পালন কৰে হেঁপাহৰ ভোগালী বিহু ৷ কৰ্মৰ লগতে হেঁপাহৰ বিহুটিক পালন কৰিবলৈ সাজু কৰে ভিন্ন খাদ্য সম্ভাৰ ৷ পিঠাৰ পৰা আৰম্ভ কৰি মাছ-মাংসসৈকে সকলো আয়োজন কৰে আৰক্ষী সকলে ৷ বিহুৰ দিনা নিজ পৰিয়ালৰ পৰা আঁতৰত থকা এই সকল লোকে বিহু গীত গাই, নাচি-বাগি আনন্দত বিভোৰ হৈ পৰে ৷

অন্য এক খবৰৰ বাবে: ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.