মৰিগাঁও,২৪ জুনঃ কলং-কপিলিৰ দুয়োপাৰ শুৱনি কৰি তুলিছে এবিধ অনামী বনৰীয়া ফুলে। নদীৰ ইপাৰে সিপাৰে বন্যপুষ্পৰ ডাঠ আস্বাদন। নৈ পৰীয়া এই নৈসৰ্গিক সৌন্দৰ্য দেখি বাটৰুৱাই এপলক ৰৈ উপভোগ কৰে এই প্ৰাকৃতিক দৃশ্য । চ'ত ,ব'হাগৰ পৰা আহাৰৰ মাহলৈকে এনেদৰেই সুদূৰ ব্যাপি সুকুমল,শুকুলা দলিছা পাৰি দিয়ে অনামিকা বন্যপুষ্পবিধে । কেৱল বাটৰুৱাই সৌন্দৰ্য উপভোগ কৰাই নহয় । এই অঞ্চলত বহুজনে চিত্ৰনাট্যৰ দৃশ্যও গ্ৰহণ কৰে। বহুজনে আকৌ এই উদ্ভিদৰ প্ৰকৃত নাম আৰু গুণাগুণ জানিবলৈও উৎসুক হৈ পৰে । এওঁলোকে বনৰীয়া উদ্ভিদজোপাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ৰাজ্যৰ উদ্ভিদ বিভাগক ।
কলং-কপিলীৰ দুয়োপাৰ শুৱনি কৰিছে এবিধ অনামী উদ্ভিদে ! - etv_assam
চিৰপ্ৰৱাহিত কলং-কপিলীৰ জলৰাশিৰ দুয়োপাৰে এতিয়া ছানি ধৰিছে এবিধ অনামী বন্যপুষ্পই
মৰিগাঁও,২৪ জুনঃ কলং-কপিলিৰ দুয়োপাৰ শুৱনি কৰি তুলিছে এবিধ অনামী বনৰীয়া ফুলে। নদীৰ ইপাৰে সিপাৰে বন্যপুষ্পৰ ডাঠ আস্বাদন। নৈ পৰীয়া এই নৈসৰ্গিক সৌন্দৰ্য দেখি বাটৰুৱাই এপলক ৰৈ উপভোগ কৰে এই প্ৰাকৃতিক দৃশ্য । চ'ত ,ব'হাগৰ পৰা আহাৰৰ মাহলৈকে এনেদৰেই সুদূৰ ব্যাপি সুকুমল,শুকুলা দলিছা পাৰি দিয়ে অনামিকা বন্যপুষ্পবিধে । কেৱল বাটৰুৱাই সৌন্দৰ্য উপভোগ কৰাই নহয় । এই অঞ্চলত বহুজনে চিত্ৰনাট্যৰ দৃশ্যও গ্ৰহণ কৰে। বহুজনে আকৌ এই উদ্ভিদৰ প্ৰকৃত নাম আৰু গুণাগুণ জানিবলৈও উৎসুক হৈ পৰে । এওঁলোকে বনৰীয়া উদ্ভিদজোপাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ৰাজ্যৰ উদ্ভিদ বিভাগক ।
সৌন্দৰ্যৰ আকৰৰ চাৰিপাৰ। চিৰপ্ৰবাহিত এই জলৰাশিক যেন আৰু মোহনীয় কৰি তুলিছে এবিধ অনামিকা উদ্ভিদ তথা বন্যপুষ্পই। এই বিষয়ে আমাৰ এক বিশেষ ৰিপৰ্ট।
Body:কলং কপিলিৰ পাৰত পুষ্পৰ পোহাৰ। ইপাৰ সিপাৰ দুয়ো পাৰত ফুলৰ ডাঠ আস্বাদন। কলং আৰু কপিলিৰ পাৰত এনেদৰেই ছানি ধৰিছে এইবিধ অনামিকা বন্যপুষ্পই। সৌন্দৰ্য বিলাবলৈকে এনেদৰে শিবিৰৰ পাতি বহিছে কলং আৰু কপিলিৰ পাৰত।এইয়া মৰিগাঁৱৰ কপিলি আৰু কলং পাৰৰ শুশোভিত দৃশ্য। নৈ পৰীয়া এই নৈসৰ্গিক সৌন্দৰ্য দেখি সকলোৱে এপলক ৰৈ উপভোগ কৰে প্ৰাকৃতিক দৃশ্য। শুনক স্হানীয় লোক আৰু বাটৰুৱাৰ মুখেৰে।byte_tourist,
হয়, এই পথেৰে আহযাহ কৰা বাৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰে নৈ পৰীয়া এই বিধ অনামি উদ্ভিদে। বন্যপুষ্প বাহৰ দেখি সুন্দৰৰ পূজাৰিসকল বিহবল। ইয়াৰ মনোমোহা দৃষ্টি নন্দন পৰিবেশ দেখি স্থানীয় মানুহৰ পৰা জানিব লৈ প্ৰয়াস কৰে ।পিছে ইয়াৰ নাম গুণ একো নাজানে স্হানীয় লোকে।কোনোজনে কয় জোনোকা গছ,আনজনে কয় মূৰ ফুলা।byte,:1+1=2
কেৱল চ'ত ,ব'হাগৰ পৰা আষাঢ়ৰ মাহলৈ এনেদৰেই সুদূৰ ব্যাপি সুকুমল ,শুকুলা দলিছা পাৰি দিয়ে আনামিকা বন্যপুষ্পবিধে।বীজ সিচাৰো নাই দৰকাৰ ।।আপোনা আপুনি যেন সৌন্দৰ্যৰ প্ৰেমিকে হাত বাউল দি মাতি থাকে সুন্দৰ সাধক পুষ্পপ্ৰেমিকক। উল্লেখযোগ্য যে এই অনামিকাৰ প্ৰণয়পাশত আবদ্ধ হৈ ইয়াতেই চিত্ৰনাট্যৰ দৃশ্য গ্ৰহণ কৰে কলা কুশলী তথা অভিনেতা আভিনেত্ৰী,তথা কলা নিদ্দেশকসকলে।
সেয়েহে সকলোৱে আহবান কলং কপিলি পাৰৰ এই অনামিকাক নাম এটা দিয়ক ৰাজ্যৰ উদ্ভিদ বিভাগে। নিৰ্ণয় কৰক ইয়াৰ গুণগত দিশ।কাৰণ ইয়াক নাখায় গৰু ছাগলীয়ে। বিষাক্ত হব পাৰে এইবিধ। কোনে জানে এই অনামিকাৰ মাজতে লুকাই থাকিব পাৰে বনৌষধৰ অক্ষয় ভাণ্ডাৰ।
byte,:+PTC,local public.
Conclusion:ratuldeka.etvbharat.morigaon