ETV Bharat / state

কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন

author img

By

Published : Dec 16, 2020, 4:44 PM IST

কাইলৈ অনুষ্ঠিত হব লগা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ১৮৭টা ভোট কেন্দ্ৰলৈ বেলট বক্স লৈ ৰাওনা হৈছে জিলাখনৰ ৮৪১ গৰাকী বিভিন্ন বৰ্গৰ কৰ্মচাৰী। নিৰ্বাচনৰ সকলো দিশ জিলা উপায়ুক্ত উপস্থিত থাকি নিজে তদাৰক কৰিছে।

Morigaon Tiwa Autonomous Council Election will be Held Tommorrow

মৰিগাঁও, ১৬ ডিচেম্বৰ : বৃহস্পতিবাৰে ৭.৩০ বজাৰ পৰা ১৮৭টা ভোটদান কেন্দ্ৰত অনুষ্ঠিত হব লগা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং বিষয়াসকল। ইয়াৰ অংশৰূপে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত পুলিং টোল সমূহ লৈ ৰাওনা হৈছে বিষয়া সকলৰ কেবাটাও দল। এইবাৰ ১,৪৩,৬৫৫ গৰাকী ভোটাৰে ভোটদান কৰিবলগা নিৰ্বাচনটো যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে সকলো পক্ষকে আহ্বান জিলা উপায়ুক্ত লীনা দাসৰ।

উল্লেখযোগ্য যে এইবাৰ কোভিড প্ৰট’কলৰ কাৰণে বিশেষ নীতি-নিয়ম মানি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। ১৮৭ গৰাকী আশা কৰ্মীক প্ৰথমবাৰৰ বাবে নিয়োগ কৰিছে ভোটদান প্ৰক্ৰিয়াত । মন কৰিবলগীয়া যে,শৰীৰ উত্তাপ থকা ভোটাৰে পিপিই কিট পৰিধান কৰিব লাগিব আৰু ভোটগ্ৰহণ কৰোতা বিষয়াক পিপিই কিট পৰিধানৰ বাবে নিৰ্দেশনা দিছে জিলা উপায়ুক্তই ৷

লগতে চাওক : চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.