ETV Bharat / state

মানিপুৰত এতিয়া আধাৰশিলা স্থাপনৰ জোঁৱাৰ ! - অনুসূচিত জনজাতি উন্নয়ন প্ৰকল্পৰ অধ্যক্ষ মনক চন্দ্ৰ বৰদলৈ

৬নং মানিপুৰ তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিত প্ৰায় 19 খন আঁচনিৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । ২০২০/২১ বিত্তীয় বৰ্ষত সমষ্টি উন্নয়নৰ বাবে আৱণ্টিত পুঁজিৰে স্থাপন কৰে এই আধাৰশিলা ৷

মানিপুৰত একেদিনাই মুকলি হ’ল 19 খন আঁচনিৰ আধাৰশিলা

author img

By

Published : Feb 15, 2021, 8:13 AM IST

মৰিগাঁও,15 ফেব্ৰুৱাৰীঃ দেওবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে 19 খনকৈ আঁচনিৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে । ৬ নং মানিপুৰ তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিত স্থাপন কৰা হৈছে এই আধাৰশিলা ৷

উল্লেখ্য যে, পৰিষদৰ নিৰ্বাচনত শাসকীয় বিজেপি দলৰ পৰা ৬ নং মানিপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আইমণি পাটৰে জয় লাভ কৰিছিল ৷ নিৰ্বাচনৰ পূৰ্বে আইমণি পাটৰে নিৰ্বাচনত জয় লাভ কৰিলে অঞ্চলটোৰ ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেই প্ৰতিশ্ৰুতি মৰ্মে মৰিগাঁৱৰ মাণিপুৰ অঞ্চলত স্থাপন কৰে কেইবাটাও আধাৰশিলা স্থাপনৰ কাম ৷ ২০২০/২১ বিত্তীয় বৰ্ষত সমষ্টি উন্নয়নৰ বাবে আৱণ্টিত পুঁজিৰে স্থাপন কৰে এই আধাৰশিলাসমূহ ৷

এই আধাৰশিলা স্থাপন অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে পৰিষদৰ সদস্যা আইমনি পাটৰ, মানিপুৰ পঞ্চায়তৰ সভাপতি ললিন্দ্ৰ দাস দেউৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যা চন্দ্ৰিমা ডেকা আৰু অনুসূচিত জনজাতি উন্নয়ন প্ৰকল্পৰ অধ্যক্ষ মনক চন্দ্ৰ বৰদলৈ উপস্থিত থাকে ৷

লগতে পঢ়কঃ ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.