মৰিগাঁও, 10 অক্টোবৰ : পূজাৰ সময়ছোৱাত কূটাঘাত ৰোধৰ বাবে সৰ্তক হৈছে আৰক্ষী ৷ ইয়াৰ বাবে দেওবাৰে মৰিগাঁও বিহুতলীত আনুষ্ঠানিকভাৱে ছখনকৈ দুচকীয়া বাহন সহ বাৰজনকৈ বিশেষ আৰক্ষী জোৱানক দ্বায়িত্ব অৰ্পণ জিলা আৰক্ষী অধীক্ষকৰ। দুৰ্গা পূজাত কূটাঘাত ৰোধৰ ক্ষেত্ৰত কঠোৰ হ’ব আৰক্ষী ৷ নতুন পোছাকেৰে বাইক যোগে জাগীৰোড আৰু মৰিগাঁও চহৰক নিৰাপত্তাৰ দিবৰ বাবে সাজু হৈছে মৰিগাঁও আৰক্ষী ।
আৰক্ষীৰ চোকা নজৰত থাকিব মৰিগাঁৱৰ পূজাৰ মন্দপ সমূহ ৷ সাজু কৰা হৈছে মৰিগাঁও আৰক্ষীৰ special rider party ৷ বিশেষকৈ পূজাৰ সময়ছোৱাত জিলাখনত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিব এই দলটোৱে । আৰক্ষী জোৱানক প্ৰদান কৰা হৈছে নতুন পোছাক, বুলেট বাইক ৷
বাইকেৰে তহল দিব আৰক্ষীৰ এই বিশেষ দলটোৱে । ক’ভিড প্ৰটকলৰ নিয়ন্ত্ৰণৰ পৰা অপৰাধজনিত ঘটনা কিডনেপিং, ড্ৰাগছ ব্যৱসায়ী, গাড়ী, বাইক চুৰি ঘটনা আদি ৰোধ কৰিবৰ বাবেও এই দলটো সক্ৰিয় হৈ থাকিব বুলি জনাইছে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে ।
দেওবাৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক অবগত কৰা মতে ছখন বাহনৰে তিনিখন মৰিগাঁও চহৰ আৰু জাগীৰোডত তিনিখন বাহনত দুজনকৈ আৰক্ষীৰ জোৱান থাকি সকলো নিৰাপত্তা দিশত চোকা নজৰ ৰাখিব । দেওবাৰে এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা, উপ আৰক্ষী অধীক্ষক মৌচুমী দাসৰ প্ৰমুখ্যে শীৰ্ষ আৰক্ষী বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক : স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ ডাঃ নভনীল বৰুৱাক